বৰকুৰাত ৭০ কোটি টকীয়া ৰে’লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা ডঃ শৰ্মাৰ

নলবাৰীৰ বৰ্ণাঢ্য সংস্কৃতি-বৌদ্ধিক চিন্তা প্ৰেৰণাৰ প্ৰতীক । পাঠশালাত পাহলা শিমলাগুৰি সংযোগী পথৰ আধাৰশিলা ।

নলবাৰী, ১২ নৱেম্বৰঃ বহু প্ৰতীক্ষিত নলবাৰী সমষ্টিৰ বৰকুৰাত সোমবাৰে প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া নলবাৰী-বৰকুৰা পথৰ ৰে’লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰা হয় । এই ৮২০ মিটাৰ দৈঘ্যৰ ৰে’লৱে উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ গড়কাপ্তানী, বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইপিনে আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয়ে নলবাৰীৰ হৰি মন্দিৰৰ ৰে’ল গেটত ইতিমধ্যে আন এখন ৰে’লৱে উৰণীয়া সেঁতু নিৰ্মাণ কৰা হ’ব বুলি মন্তব্য কৰে । উল্লেখ্য যে এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, নলবাৰীৰ বিধায়ক অশোক শৰ্মা উপস্থিত থাকে । ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কুশল কোঁৱৰ বৃদ্ধ পেন্সন আঁচনি , আপোনাৰ আপোন ঘৰ, অটল অমৃত, আয়ুস্মান , অসমমালাকে ধৰি নতুন আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰে ।

Featuredflyover bridgehimanta biswa sarmanalbariউৰণীয়া সেঁতুনলবাৰীহিমন্ত বিশ্ব শৰ্মা