‘কাইলৈৰ পৰা চৰকাৰী কাৰ্যালয়লৈ আহিব ৫০% কৰ্মচাৰী’

বাকীসকলে ঘৰৰ পৰাই কাম কৰিব লাগিবঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

কৰ’ণা ভাইৰাছক লৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল

অসমৰ প্ৰতিখন গাঁৱলৈ বিয়পিছে সজাগতা

সজাগতাৰ বাবে সকলোলৈকে ধন্যবাদ স্বাস্থ্যমন্ত্ৰীৰ

বিভিন্ন ঠাইত সজাগতাৰ ব্যৱস্থা লোৱা হৈছে

এতিয়াও আমি প্ৰথম পৰ্যায়তে আছো

  • বৰ্তমানলৈ ৰাজ্যৰ বিমানকোঠত ১৬,৫০৮জনক স্কেনিং কৰা হৈছে
  • ৬২,৮৭০জন লোকক প্ৰাথমিক চিকিৎসা কৰা হৈছে
  • ৪১জন লোকক আছুতীয়াকৈ ৰখা হৈছে
  • ১,০০৩জনক ঘৰতেই আছুতীয়াকৈ ৰখা হৈছে
  • ৰাজ্যত ৪টা পৰীক্ষাগাৰ স্থাপন কৰা হৈছে
  • শিলচৰত নতুনকৈ পৰীক্ষাগাৰ স্থাপন কৰা হৈছে
  • ডিফু, বৰপেটা আৰু তেজপুৰতো পৰীক্ষাগাৰ সন্দৰ্ভত চিন্তাচৰ্চা
  • ৫৭টা নমুনা লোৱা হৈছিল, কিন্তু এটাও ‘প’জিটিভ’ ওলোৱা নাই
  • BTC নিৰ্বাচন সন্দৰ্ভতো মন্তব্য মন্ত্ৰীগৰাকীৰ
  • ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্বাচন সন্দৰ্ভত সিদ্ধান্ত ল’ব
  • নিৰ্বাচন পিছুৱাবলৈ নিৰ্বাচন আয়োগক পৰামৰ্শ চৰকাৰৰ
  • ৩১ মাৰ্চলৈ অনুষ্ঠিত নহয় কোনো পৰীক্ষা
  • শনিবাৰৰ পৰা চৰকাৰী কাৰ্যালয়লৈ আহিব ৫০শতাংশ কৰ্মচাৰী
  • কাৰ্যালয়ৰ মুৰব্বীয়ে নিৰ্ধাৰণ কৰিব  কৰ্মচাৰীৰ সূচী
  • বাকীসকলে ঘৰৰ পৰাই কাম কৰিব লাগিব
  • কিন্তু অব্যাহত থাকিব সকলো জৰুৰীকালীন সেৱা
  • শ্বপিংমলৰ ভিতৰত কৰ্মচাৰীসহ থাকিব পাৰিব ৫০জন মানুহ
  • প্ৰতিখন দোকানৰ সন্মুখত ৰাখিব লাগিব চাবোন আৰু ছেনীটাইজাৰ
  • মহানগৰীৰ জনসমাগমৰ ঠাইসমূহ চিনাক্ত কৰি বন্ধ কৰাৰ সিদ্ধান্ত
  • বাহিৰৰ পৰা অসমলৈ অহা লোকসকলক লগোৱা হ’ব হেণ্ড ষ্টাম্প
  • হোম কোৱাৰেণ্টাইনৰ বাবে লগোৱা হ’ব ষ্টাম
  • বাছসমূহত যাত্ৰীসকলক থিয় হৈ নাযাবলৈও আহ্বান স্বাস্থ্যমন্ত্ৰীৰ
  • এপ্ৰিললৈ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ
  • ৩০দিনৰ ভিতৰত প্ৰবাসলৈ যোৱা অসমীয়াসকললৈ বিশেষ সুবিধা, ৰাজ্য চৰকাৰে আগবঢ়াব ২০০০ ডলাৰকৈ
  • জনতা ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলত এই মন্তব্য স্বাস্থমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Comments (0)
Add Comment