কাইলৈ অনুষ্ঠিত হ’ব হাইস্কুল টেট; প্রথমবাৰলৈ ব্যৱহাৰ হ’ব জামাৰ

নিয়মীয়া বার্তা,১৮ জানুৱাৰীঃ অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ’ব হাইস্কুল টেট৷ ৰাজ্যৰ মুঠ ১৪৮টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ প্রায় ৫৯ হাজাৰ প্রার্থী হাইস্কুল টেটত অৱতীর্ণ হ’ব৷ হাইস্কুল টেট অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্রীয় মাধ্যমিক শিক্ষা অভিযান কর্তৃপক্ষই ইতিমধ্যে গ্রহণ কৰিছে বিশেষ ব্যৱস্থা৷

বিশেষকৈ নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে কেইবাটাও কঠোৰ পদক্ষেপ গ্রহণ কৰিছে সংশ্লিষ্ট কর্তৃপক্ষই৷ প্রাপ্ত তথ্য অনুসৰি, প্রথমবাৰৰ বাবে পৰীক্ষা কেন্দ্রসমূহত ব্যৱহাৰ কৰা হ’ব ‘জামাৰ’৷ পৰীক্ষা কেন্দ্রত প্রার্থীয়ে সঘনাই ম’বাইল ফোন ব্যৱহাৰ কৰা বুলি উত্থাপন হৈ অহা অভিযোগৰ বাবেই এইবাৰ জামাৰ সংস্থাপনৰ পদক্ষেপ গ্রহণ কৰিছে৷ প্রথমবাৰৰ বাবে ৰাজ্যত টেটত জামাৰ ব্যৱহাৰ কৰা হ’ব৷

তদুপৰি প্রার্থীৰ লগতে পৰীক্ষা কেন্দ্রসমূহত ম’বাইল ফোনকে ধৰি ইলেক্ট্র’নিক ডিভাইচ ব্যৱহাৰ কৰিব নোৱাৰিব নিৰীক্ষকেও৷ শিক্ষা বিভাগৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি পৰীক্ষা কেন্দ্রসমূহত দুজন শিক্ষার্থীৰ সাক্ষ্য গ্রহণেৰে খোলা হ’ব প্রশ্ণকাকতৰ ছীল৷ উল্লেখ্য যে হাইস্কুল টেট অথবা মাধ্যমিক টেটৰ দিন পূর্বে ২২ ডিচেম্বৰ নির্ধাৰণ কৰা হৈছিল৷ কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হোৱা প্রতিবাদৰ পৰিপ্রেক্ষিতত হাইস্কুল টেট ১৯ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল৷

ইতিমধ্যে অসম সর্বশিক্ষা অভিযান মিছনৰ ৱেবছাইটযোগে হাইস্কুল টেটৰ বাবে প্রৱেশ–পত্র প্রদান কৰা হৈছে৷ প্রার্থীসকলৰ সুবিধাৰ বাবে টেট জিলা পর্যায়ত অনুষ্ঠিত হ’ব৷ মুঠ ৫টা ভাষাত হাইস্কুল টেট অনুষ্ঠিত হ’ব৷ অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু মণিপুৰী ভাষাত অনুষ্ঠিত হ’ব এই পৰীক্ষা৷ মুঠ ২০০ নম্বৰৰ পৰীক্ষাত যোগ্যতা অর্জনৰ বাবে পৰীক্ষার্থীয়ে নূন্যতম ৬০ শতাংশ নম্বৰ লাভ কৰিব লাগিব৷ অৱশ্যে অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য সংৰক্ষিত শ্রেণীসমূহৰ বাবে প্রার্থীয়ে বিধি অনুযায়ী ৰেহাই লাভ কৰিব৷

Featuredহাইস্কুল টেট
Comments (0)
Add Comment