কাকপথাৰত কিশোৰীক যৌন আতিশায্য চলাই ৰঙাঘৰলৈ যুৱক

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ কাকপথাৰত কিশোৰীক যৌন আতিশায্যৰ ঘটনা পোহৰলৈ আহিছে। দহ বছৰীয়া যুৱতী গৰাকীক ওচৰৰে প্ৰতিৱেশী যুৱকে যৌন আতিশায্য চলোৱাৰ কথা পোহৰলৈ আহিছে। যুৱক জনৰ নাম ৰহিত কৈৰী ঘৰ কাকপথাৰৰ ৰুমাই গাভৰু গাঁওত। যুৱকজনে নিজকে ১৭ বছৰ হৈছে বুলি দাবী কৰিছে। ৰহিত কৈৰীক আজি পুৱাই গাঁওখনক একাংশ লোকে নিজাগৃহৰ পৰা কৰায়ত্ত কৰে আৰু অভিযুক্ত কৈৰীয়ে সমস্ত ঘটনা ৰাইজৰ আগত স্বীকাৰ কৰে। ইয়াৰ পিছতেই স্থানীয় ৰাইজে কাকপথাৰ আৰক্ষীক গতাই দিয়ে অভিযুক্তজনক। আৰক্ষীয়ে এই সন্দৰ্ভত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইন 376(2)(i) ধাৰৰ অধিনত 04/2020নম্বৰত এক গোছৰ পঞ্জিয়ন কৰি তদন্ত অব্য়াহত ৰাখিছে।

Featured
Comments (0)
Add Comment