কাজিৰঙাত গঁড়ৰ আক্রমণত বনকর্মীৰ মৃত্যু

আত্মৰক্ষাৰ চেষ্টা কৰোঁতে নুফুটিল বন বিভাগৰ আওপুৰণি বন্দুকৰ গুলীঃ এজন আহত

নিয়মীয়া বার্তা, ১৮ মার্চঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ মাজতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত মঙলবাৰে এক অঘটন সংঘটিত হয় ৷ উল্লেখ্য যে ১৭ মার্চৰ পৰা ২৯ মার্চলৈকে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান দর্শনার্থীৰ বাবে বন্ধ ঘোষণা কৰিছিল বন বিভাগে ৷ এই বন্ধৰ মাজতে মঙলবাৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত এটা প্রকাণ্ড খঙাল গঁড়ৰ আক্রমণত এজন বনকর্মী নিহত হোৱাৰ লগতে আন এজন আহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ বিভাগীয় সূত্রে জানিব পৰা মতে, ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনত মোনা টঙীৰৰ বনকর্মী বিকোদৰ বৰা আৰু তেওঁৰ সতীর্থ অনিল কলিতাই কাঠনিবাৰীৰ এলেকাত খোজকাঢ়ি অটব্য অৰণ্যৰ মাজত নিজৰ কর্তব্য পালন কৰি আছিল ৷ তেনে সময়তে মঙলবাৰে পুৱা প্রায় ১০ বজাত কর্তব্য পালন কৰি থকা অৱস্থাতে এটা খঙাল গঁড়ে তেওঁলোকলৈ চোঁচা লয় ৷ ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ বন বিষয়া চেলিম আহমেদে জানিবলৈ দিয়া মতে, মঙলবাৰে গঁড়টোৱে প্রথমে অনিল কলিতা নামৰ সুৰক্ষা কর্মীজনক আক্রমণ কৰে ৷ সাহসী অনিল কলিতাই প্রাণ ৰক্ষাৰ তাড়নাত নিজৰ হাতত থকা বন্দুকৰ আগেৰে আক্রমণকাৰী গঁড়ৰ মুখত প্রতিআক্রমণ কৰাত গঁড়টোৱে অনিল কলিতাক এৰি সংগী বন সুৰক্ষা কর্মী বিকোদৰ বৰাক (৫৯)ক আক্রমণ কৰি বগৰাই দিয়ে ৷

তেনে সময়ত অনিল কলিতাই আহত অৱস্থাত হাতত থকা বন্দুকেৰে গুলী ফুটোৱাৰ চেষ্টা কৰে ৷ অতি পৰিতাপৰ কথা যে সোমবাৰে কলিতাই প্রথমবাৰ গুলী ফুটোৱাবলৈ চেষ্টা কৰোঁতে দুর্ভাগ্যক্রমে গুলী নুফুটিল ৷ ইয়াৰ পিছতে গঁড়টোৱে পুনৰ বিকোদৰ বৰাক আক্রমণ কৰে আৰু লগে লগে বনকর্মীজনৰ মৃত্যু ঘটে ৷ ইপিনে, অনিল কলিতাৰ দ্বিতীয় ৰাউণ্ড গুলী ফুটাত গঁড়টোৱে সেই স্থানৰ পৰা পলায়ন কৰে ৷ গুৰুতৰভাৱে আহত অনিল কলিতাই জনোৱা মতে প্রথম ৰাউণ্ড গুলী নুফুটাৰ বাবেই গঁড়টোৱে পুনৰ তেওঁৰ সতীর্থ বিকোদৰ বৰাক আক্রমণ কৰাৰ সুযোগ পালে ৷ প্রথম ৰাউণ্ড গুলী ফুটা হ’লে হয়তো বনকর্মীজনৰ জীৱন ৰক্ষা পৰিল হয় বুলি জানিবলৈ দিয়ে গুৰুতৰভাৱে আহত অনিল কলিতাই ৷ নিহত বনকর্মী বিকোদৰ বৰাৰ ঘৰ কাজিৰঙাৰ পিলখানাত৷ মৃত্যুৰ সময়ত তেওঁ দুজন পুত্র আৰু এগৰাকী কন্যা সন্তানক ইহসংসাৰত এৰি যায়৷ ইপিনে, অৱসৰলৈ মাত্র ডেৰ বছৰ বাকী থকা অৱস্থাত বনকর্মীজনৰ এনে মৃত্যুৱে সমগ্র কাজিৰঙাত গভীৰ শোকৰ ছাঁ পেলাইছে ৷

Comments (0)
Add Comment