কানপুৰত অসমৰ মডেলক দলবদ্ধ ধর্ষণ, আৰক্ষীৰ জালত ৪জন

হোলীৰ অনুষ্ঠানলৈ নিমন্ত্রণ কৰি যৌন নির্যাতন

নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ উত্তৰ প্রদেশৰ কানপুৰৰ হোলীৰ এক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যোৱা ২৫ বছৰীয়া অসমৰ মডেল এগৰাকী প্রখ্যাত ক্লাব এটাৰ প্রাক্তন সঞ্চালক তথা বিল্ডাৰ এজনে ৪জন সহযোগীসহ ধর্ষণ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৪ সহযোগীৰ সন্মুখতে বিল্ডাৰজনে অসমৰ মডেলগৰাকীক ধর্ষণৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে চাৰিজনক গ্রেপ্তাৰ কৰিছে যদিও মূল অভিযুক্ত  বিল্ডাৰজন পলাতক অৱস্থাত আছে ৷ কানপুৰৰ আৰক্ষী অধীক্ষক অনিল কুমাৰে প্রকাশ কৰা মতে, দেওবাৰে নিশা প্রায় ১০ বজাত মডেলগৰাকীক ধর্ষণৰ ঘটনাটো সংঘটিত হৈছিল ৷ আৰক্ষীয়ে খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত অভিযান চলায় যদিও অভিযুক্তই পলায়ন কৰিছিল ৷ ঘটনা সংঘটিত হোৱা বাংলোত ইক’ স্প’টছ আৰু ক্রেটা কাৰ দুখন আছিল৷ আৰক্ষীয়ে বাহন দুখন জব্দ কৰিছে ৷

আৰক্ষী অধীক্ষকগৰাকীৰ তথ্য অনুসৰি ২৫ বছৰীয়া নিপীড়িতাগৰাকীয়ে নিজকে এগৰাকী মডেল আৰু প্রাক্তন মিছ আছাম বুলি চিনাকি দিছে ৷ মান্ধানাৰ জাংগুল ৱাটাৰত আয়োজিত ‘ৰং বৰছে পুল পার্টী’ত অংশগ্রহণৰ বাবে যোৱা ১৩ মার্চত তেওঁ কানপুৰত উপস্থিত হৈছিল ৷ কার্যসূচীৰ আয়োজক সক্ষম চাহুৱে ১৫ মার্চত তেওঁক অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে চুক্তিবদ্ধ কৰিছিল ৷ ইকবাল নামৰ এজন লোকৰ দ্বাৰা টিকট বুক কৰা হৈছিল ৷ আৰক্ষীৰ সূত্র মতে, ১৫ মার্চৰ সন্ধিয়া ব্যৱসায়ী অমিত আগৰৱালে তেওঁৰ গাড়ীৰে বিল্ডাৰ সমীৰ আগৰৱালাৰ বাংলোলৈ লৈ গৈছিল ৷ বাংলোটো কানপুৰ আয়ুক্তৰ বাংলোৰ সমীপত ৷ যিটো অঞ্চল অতি সুৰক্ষিত আৰু নিৰাপদ ৷ দেওবাৰৰ নিশা বাংলোত এগৰাকী ছোৱালীয়ে চিঞৰি আছিল ৷ যাৰ বাবে বাংলোটোৰ ওচৰত থকা লোকৰ মাজত শংকাৰ সৃষ্টি হৈছিল ৷ আৰক্ষীয়ে উক্ত ঘটনাস্থলীলৈ গৈ নিপীড়িতাক অত্যন্ত বেয়া অৱস্থাত উদ্ধাৰ কৰিছিল ৷

আৰক্ষীৰ ভাষ্য অনুসৰি নিপীড়িতাক সমীৰ আগৰৱালাৰ বাংলোত অমিত আগৰৱালাই তেওঁক ধর্ষণৰ চেষ্টা চলাইছিল বুলি অভিযোগ কৰে ৷ যেতিয়া ছোৱালীজনীয়ে বাধা দিছিল, তেতিয়া ছোৱালীজনীক বেয়াকৈ প্রহাৰ কৰিছিল ৷ ঘটনাটোৰ পিছতেই আৰক্ষীয়ে নিপীড়িতাক স্বাস্থ্য পৰীক্ষা কৰোৱায় ৷ দেওবাৰৰ উক্ত ঘটনাৰ পিছত মঙলবাৰে আৰক্ষী অধীক্ষক অনিল কুমাৰে কয় যে অনুসন্ধানৰ অন্তত এই কথা নিশ্চিত হৈছে যে মডেলগৰাকীক ধর্ষণ কৰিব বিচৰা হৈছিল ৷ নিপীড়িতাৰ দ্বাৰা দাখিল কৰা এজাহাৰত পাঁচজন অভিযুক্তৰ নাম উল্লেখ কৰিছে ৷ পাঁচজনৰ ভিতৰত চাৰিজনক গ্রেপ্তাৰ কৰা হৈছে ৷ ইফালে মূল অভিযুক্ত পলাতক অমিত আগৰৱালক গ্রেপ্তাৰ কৰিবলৈ সম্ভাব্য স্থানসমূহত অভিযান চলাই থকা হৈছে ৷ মডেলগৰাকীক ধর্ষণৰ চেষ্টা চলাই নির্যাতন চলোৱা অমিত আগৰৱাল আৰু সহযোগী চাৰিজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ আৰু ১২০ (খ) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷

গোৱালতলী থানাৰ এগৰাকী বিষয়াৰ সূত্রই প্রকাশ কৰা মতে, নিপীড়িতাৰ অভিযোগৰ ভিত্তিত অপৰাধ সংঘটিত স্থান আৰু অভিযুক্তই ভ্রমণ কৰা অঞ্চলসমূহৰ লগতে উক্ত অঞ্চলৰ পথৰ চিচি টিভি ফুটেজ পৰীক্ষাৰ দ্বাৰা ঘটনাটোৰ অনুসন্ধান চলাই থকা হৈছে ৷ তদুপৰি তদন্তৰ অংশ হিচাপে নিপীড়িতাৰ চেলফোনৰ বিতং তথ্যও পৰীক্ষা কৰি থকা হৈছে ৷ লক্ষণীয় যে নিপীড়িতাই এজাহাৰত উল্লেখ কৰা অভিযুক্তকেইগৰাকী হৈছে বিল্ডাৰ অমিত আগৰৱাল, সমীৰ আগৰৱাল, সক্ষম চাহু, নিৰাপত্তাৰক্ষী মনোজ, শুভম আৰু আন এজন অচিনাক্ত ব্যক্তি ৷ নিপীড়িতাক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত আদালতত হাজিৰ কৰি তেওঁৰ স্বীকাৰোক্তি লিপিবদ্ধ কৰা হ’ব বুলি প্রকাশ কৰিছে আৰক্ষী অধীক্ষক কুমাৰে ৷ অপৰাধমূলক বিধি ধাৰা ১৬৪ৰ অধীনত নিপীড়িতাগৰাকীক আদালতত হাজিৰ কৰাই স্বীকাৰোক্তি লিপিবদ্ধ কৰা হ’ব ৷ আনপিনে নিপীড়িতাই এজাহাৰত উল্লেখ কৰা মতে, পার্টী শেষ হোৱাৰ পিছত অমিত আগৰৱালাই তেওঁক সমীৰ আগৰৱালাৰ বাংলোলৈ লৈ গৈছিল ৷ গেটত নিৰাপত্তাৰক্ষীয়ে তলা লগাই দিছিল আৰু অমিত আগৰৱালাই তেওঁক যৌন নির্যাতন চলাইছিল ৷ ভাগ্যক্রমে তেওঁ সমীৰ আগৰৱালাৰ ঘৰৰ পৰা পলায়ন কৰি মূল পথলৈ আহিছিল আৰু তাতেই চিঞৰ–বাখৰ কৰি স্থানীয় বাসিন্দাৰ দৃষ্টিগোচৰ কৰিছিল ৷ স্থানীয় বাসিন্দাই আৰক্ষীক খবৰ দিবলৈ তেওঁক সহায় কৰিছিল ৷ অসমৰ মডেল এগৰাকী বহিঃৰাজ্যৰ অনুষ্ঠান এটাত অংশগ্রহণ কৰিবলৈ গৈ ধর্ষণৰ বলি হ’বলগীয়া হোৱা ঘটনা দুর্ভাগ্যজনক ৷

Featured
Comments (0)
Add Comment