‘কা’ৰ বিৰুদ্ধে এক ডজনৰ অধিক গোচৰঃ ১৮ ডিচেম্বৰত ছুপ্রিম ক’টত প্রথম শুনানিৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ,১৫ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে আইনী যুঁজত নামি পৰিছে একাংশ দল–সংগঠন, ব্যক্তি বিশেষে ৷ ‘কা’ক সংবিধানবিৰোধী, বিভেদকামী আৰু বৈষম্যমূলক আখ্যা দি বর্তমানপর্যন্ত সদৌ অসম ছাত্র সন্থা (আছু)ৰ লগতে অন্য বহুতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷

বর্তমানপর্যন্ত উচ্চতম ন্যায়ালয়ত ‘কা’ বাতিলৰ আর্জি জনাই দেশৰ সর্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এক ডজনতকৈও অধিক আবেদন ৷

তদুপৰি আন আন একাংশই একেই আর্জিৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে ১৮ ডিচেম্বৰত বিষয়টোক লৈ প্রথম শুনানি গ্রহণৰ সম্ভাৱনা আছে উচ্চতম ন্যায়ালয়ে ৷

উল্লেখ্য যে যোৱা ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত সংবিধানৰ ১৪নং অনুচ্ছেদ উলংঘন কৰাৰ অভিযোগ তুলি ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল)–এ উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছিল ৷

ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাসকলৰ ভিতৰত কংগ্রেছ সাংসদ জয়ৰাম ৰমেশ, তৃণমূল কংগ্রেছৰ সাংসদ মহুৱা মিত্র, এআইএমআইএমৰ সাংসদ আছাদুদ্দিন ওৱেইছি, পীচ পার্টী, ৰিহাই মঞ্চ, চিটিজেন এগেইনষ্ট হেট, অধিবক্তা এম এল শর্মা, কংগ্রেছ সাংসদ টি এন প্রাথপন, অসমৰ বিৰোধী দলপতি দেৱব্রত শইকীয়া, বিধায়ক ৰূপজ্যোতি কুর্মী আৰু সাংসদ আব্দুল খালেক অন্যতম ৷

ৰাজ্যত বর্তমানেও ‘কা’ বাতিলৰ দাবীৰে ব্যাপক গণ আন্দোলন অব্যাহত আছে ৷ উচ্চতম ন্যায়ালয়ৰ মজিয়াত চলিবলগীয়া আইনী যুঁজখনে কার্যতঃ নির্ধাৰণ কৰিব অসমবাসীৰ এই দাবী–আন্দোলনৰ যথার্থতা ৷

FeaturedSUPREME COURTSUPREME COURT OF INDIA
Comments (0)
Add Comment