‘কা’ গোচৰঃ আজি উচ্চতম ন্যায়ালয়ে ল’ব প্রথম শুনানি; নিৰ্ণয় হ’ব অসমৰ ভৱিষ্যত

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ লগতে একাধিক ব্যক্তিয়ে দাখিল কৰা আবেদনৰ আজি প্ৰথম শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ।

ইতিমধ্যে ‘কা’ৰ বিৰুদ্ধে এক ডজনৰো অধিক আবেদন দাখিল কৰা হৈছে উচ্চতম ন্যায়ালয়ত ।

মুখ্য ন্যায়াধীশ এছ এ ববজেৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে গ্ৰহণ কৰিব এই আবেদনসমূহৰ শুনানি ।

তৎকালীনভাৱে এই আইনখন বলৱৎ কৰাৰ ক্ষেত্রত স্থগিতাদেশ জাৰি কৰাৰ লগতে বাতিল কৰাৰ প্রার্থনাৰে আবেদনসমূহ দাখিল কৰা হৈছে ৷

অসমৰ উপৰি বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ তথা নেতাও এই আইনৰ বিৰুদ্ধে দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ ৷

সদৌ অসম ছাত্র সন্থাই আইনখন গৃহীত হোৱাৰ দিনাই আবেদন দাখিল কৰিছিল ৷ তদুপৰি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, আহোম সেনা, অগপ, সদৌ অসম সন্মিলিত মহাসংঘ, সদৌ অসম উকীল সন্থা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, ড০ হীৰেন গোহাঁইসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, বিধায়িকা অজন্তা নেওগৰ নেতৃত্বত কংগ্রেছৰ ১১জনীয়া বিধায়কৰ দল, বিৰোধী দলপতি দেৱব্রত শইকীয়া, অধিবক্তা ৰংগন চৌধুৰী, বনশ্রী গগৈ আৰু কৃষ্ণা শর্মাকে ধৰি বহুসংখ্যক দল–সংগঠন তথা ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ৷

কংগ্রেছৰ জয়ৰাম ৰমেশ, তৃণমূল কংগ্রেছৰ মহুৱা মিত্র, সাংসদ আছাদুদ্দিন ওৱেইছিকে ধৰি আন কেইবাজনো ৰাজনৈতিক নেতায়ো দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ ৷

FeaturedSUPREME COURT OF INDIA
Comments (0)
Add Comment