‘কা’ প্রত্যাহাৰ কৰিলেহে অসমলৈ শান্তি আহিব : তৰুণ গগৈ

হাগ্রামাক প্রশ্ন বিটিচি চুক্তি ভিত্তিহীন নেকি?

নিয়মীয়া বাৰ্তা,৯ ফেব্ৰুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসমৰ প্রতি দায়বদ্ধতা নাই ৷ অসমক লৈ তেওঁ ঘঁৰিয়ালৰ চকুপানী টোকে ৷ –এই মন্তব্য প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ৷ দিছপুৰস্থিত চৰকাৰী বিধায়ক আৱাসত শনিবাৰে আয়োজিত এখন সংবাদ মেলত প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে প্রধানমন্ত্রী মোদীৰ অসম ভ্রমণৰ তীব্র সমালোচনা কৰি কয় যে অসমৰ প্রতি মোদীৰ দায়বদ্ধতা নাই ৷ তেওঁ কেৱল ঘঁৰিয়ালৰ চকুপানী টোকে ৷ উত্তৰ–পূবলৈ শান্তি আৰু প্রগতি অনাটো গোকাট মিছা কথা ৷ ‘কা’ৰ জৰিয়তে তেওঁ অসমলৈ অশান্তি আনিছে ৷ ‘কা’ৰ বিৰুদ্ধে আন্দোলন কৰাসকলক তেওঁ দেশদ্রোহী বুলি ক’ব বিচাৰে ৷ ‘কা’ক লৈ অসমত সৃষ্টি হোৱা জুইকুৰা নুমোৱাৰ পৰিৱর্তে, জনমতক সন্মান জনোৱাৰ পৰিৱর্তে ‘কা’ অসমত বলৱৎ কৰাৰ কথাহে ক’লে ৷ ‘কা’ৰ দ্বাৰা অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ ১৯৭১ চনৰ ২৪ মার্চ উলংঘা কৰা হৈছে ৷ ‘কা’ প্রত্যাহাৰ কৰিলেহে অসমলৈ শান্তি আহিব ৷ অসমত শান্তি নাহিলে বড়োলেণ্ডত কেনেকৈ শান্তি আহিব বুলিও তেওঁ প্রশ্ন কৰে ৷

সেইদৰে উন্নয়নৰ খতিয়ানৰ নামত মোদীয়ে অপপ্রচাৰ চলোৱাৰ অভিযোগ কৰি কয় যে ৰাজ্যখনত পূর্বৰ অগপ চৰকাৰৰ দিনত সন্ত্রাসবাদ অধিক হৈছিল ৷ অর্থনীতি বেয়া আছিল, উন্নয়নমূলক কাম–কাজ বন্ধ হৈছিল ৷ ২০০১ চনত কংগ্রেছ চৰকাৰ গঠনৰ পিছতহে শান্তি উন্নয়নৰ প্রক্রিয়া ঘূৰি আহে ৷ মোদী চৰকাৰৰ দিনত ৰাজ্যখনত দুটাকৈ কাগজ কল বন্ধ হ’ল ৷ উন্নয়ন প্রক্রিয়া পুনৰ স্তব্ধ হয় ৷ ব্রহ্মপুত্র খনন কৰিম বুলিও নকৰিলে ৷ মোদীয়ে উত্তৰ–পূবক তিনি লাখ কোটি টকা দিয়া বুলি কৈছে ৷ এইটো একেবাৰে সঁচা নহয় ৷ তেওঁ ২,৬৫,৫৯৬ কোটি টকাহে ধার্য কৰিছিল ৷ মুকলি কৰি দিলে মাত্র ২,৩০,৬৪৬ কোটি টকা ৷ প্রধানমন্ত্রীয়ে অপপ্রচাৰ কৰাটো শোভা নাপায় ৷ প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙে কথা কম কৈছিল, কাম বেছি কৰিছিল ৷ মোদীয়ে কথা বেছি কয়, কাম কম কৰে ৷

সংবাদ মেলখনত গগৈয়ে বিটিচিপ্রধান হাগ্রামা মহিলাৰীকো তীব্র সমালোচনা কৰি কয় যে শুকুৰবাৰে মহিলাৰীয়ে কৈছে মোদীৰ দিনত তেওঁলোকে যিমান পালে, কংগ্রেছৰ দিনত পোৱা নাই ৷ পিছে কংগ্রেছৰ দিনতে কোকৰাঝাৰত মেডিকেল কলেজ, বিশ্ববিদ্যালয় হ’ল ৷ তেওঁ আজি ক’ব নেকি কংগ্রেছৰ দিনত যিখন বিটিচি চুক্তি হৈছিল সেইখন ভিত্তিহীন আৰু এতিয়া মোদীয়ে কৰাখনহে আচল বুলিও প্রশ্ন কৰে ৷ গগৈৰ মতে, বিটিআৰ চুক্তিক লৈ অধিকাংশ মানুহ সন্তুষ্ট নহয় ৷ ইপিনে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গুজৰাটৰ জোঁৱাই বুলি মোদীয়ে কৰা গৌৰৱৰ প্রসংগত গগৈয়ে কয় যে ভূপেন হাজৰিকাক গুজৰাটী বোৱাৰীয়ে কি ব্যৱহাৰ কৰিলে সকলোৱে জানে ৷ শহুৰেকৰ ঘৰৰ মানুহে হাজৰিকাৰ কিমান খবৰ ল’লে ?

Featured
Comments (0)
Add Comment