‘কা’ বিৰোধী আন্দোলনঃ জুবিন গার্গক প্রশংসা কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মাত মাতি সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গক ধন্যবাদ জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

এই ধন্যবাদ অসমৰ কণ্ঠশিল্পীজনক কেজৰিৱালে জ্ঞাপনৰ কাৰণটো হৈছে দিল্লীত আম আদমী পার্টী চৰকাৰৰ কাম–কাজৰ ভূয়সী প্রশংসা কৰাৰ বাবে৷ শেহতীয়াকৈ ‘কা’বিৰোধী আন্দোলনত অংশগ্রহণ কৰি জুবিন গার্গে অসমত কেজৰিৱাল চৰকাৰৰ দৰে এখন চৰকাৰৰ প্রয়োজন আছে বুলি মন্তব্য কৰিছিল৷ দিল্লীৰ শিক্ষা–স্বাস্থ্যখণ্ডৰ উন্নয়নত কেজৰিৱাল চৰকাৰৰ যি চমকপ্রদ কাজ–কাজ, সেই কথা ব্যক্ত কৰি জুবিনে কৈছিল– দিল্লীৰ মুখ্যমন্ত্রীজনৰ পৰা আমাৰ বহুতো শিকিবলগীয়া আছে৷ সমাজবাদী চিন্তাধাৰাত চলি থকা দিল্লীৰ কাম–কাজ আমাকো লাগে৷ অৰবিন্দ কেজৰিৱালক জুবিনে আনকি বর্তমানে দেশৰ আটাইতকৈ কর্মদক্ষ ৰাজনীতিবিদ হিচাপেও স্বীকৃতি দিছিল৷

ইয়াৰ পাছত দিল্লীৰ মুখ্যমন্ত্রীজনে আজি এক টুইটযোগে জুবিন গার্গক ধন্যবাদ জ্ঞাপন কৰে৷ লক্ষণীয়ভাৱে টুইটাৰত কেজৰিৱালে বলীডডৰ খ্যাতনামা সংগীত পৰিচালক বিশাল দাদলানীৰ এটা টুইট শ্বেয়াৰ কৰি জুবিন গার্গক ধন্যবাদ জনায়৷ ‘ধন্যবাদ জুবিন গার্গ৷ আমাৰ মৰমৰ দেশখনক প্রগতিৰ দিশলৈ নিবলৈ হ’লে আমাক শিক্ষা আৰু স্বাস্থ্যৰ ডন্নয়নত অভিযান চলাবই লাগিব৷’ –এয়াই আছিল অৰবিন্দ কেজৰিয়ালৰ টুইট৷

মন কৰিবলগীয়া যে ইয়াৰ পূর্বে বিশাল দাদলানীয়ে জুবিনৰ প্রশংসা কৰি এটা টুইট কৰিছিল৷ দাদলানীয়ে অসমৰ কণ্ঠশিল্পীজনক এগৰাকী সাহসী মেগাষ্টাৰ বুলি অভিহিত কৰিছিল৷ ‘লাগে ৰহো কেজৰিৱাল’ৰ হেছটেগেৰে দাদলানীৰ টুইট আছিল– ‘সকলোৱে জানে যে মোৰ ভাতৃ জুবিন গার্গ এগৰাকী দুর্লভ মেগাষ্টাৰ৷ তেওঁ (জুবিন) মুক্ত কণ্ঠৰে ক’বলৈ সাহস ৰাখে৷ অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পার্টিক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ৷ এয়া কাহিনীৰ আৰম্ভণি মাথোঁ৷ এতিয়াও বহু আগলৈ যাবলগীয়া আছে আৰু সকলোকে লগত লৈ যাবলগীয়া আছে৷’

FeaturedZUBEEN GARG
Comments (0)
Add Comment