কুকুৰৰ বাবেই বৰডুমচাত যুৱকক প্রহাৰ

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ অসম–অৰুণাচল প্রদেশ সীমান্তৱর্তী বৰডুমচা থানাত শনিবাৰে এক অমানৱীয় ঘটনা সংঘটিত হয় ৷ অভিযোগ মতে, বৰডুমচা– মাধৱপুৰ নিৱাসী সুনীল মজুমদাৰ (৩৭) নামৰ এজন লোকক এক সাধাৰণ ঘটনাতে বৰডুমচা থানাৰ তিনিজনকৈ আৰক্ষী জোৱানে থানাৰ ভিতৰত গুৰুলা–গুৰুলকৈ মাৰধৰ কৰে৷ অভিযোগ মতে, থানাখনৰ প্রভাৰী লার্নিছ পেগুৰ সন্মুখতেই সংঘটিত হয় ঘটনাটো ৷ জানিব পৰা মতে, শনিবাৰে দিনৰ ভাগত বৰডুমচা নিৱাসী সুনীল মজুমদাৰে নিজৰ বাহনখন ( ৰেনল্ট কুইড)লৈ থানাৰ সন্মুখেদি আহি থাকোঁতে থানাখনৰ অ’ চিৰ পোহনীয়া কুকুৰ পোৱালিটো গাডীখনৰ তলত সোমাই পৰাত গাডীৰ চেপাত থিতাতে মৃত্যুমুখত পৰে ৷ ৰাজপথত গাড়ীৰ খুন্দাত কুকুৰ পোৱালিটো মৃত্যু হোৱাৰ পিছতেই বৰডুমচা থানাৰ তিনিজনকৈ কনিষ্টবলে সুনীলক থানালৈ চোঁচৰাই নি খোদ আৰক্ষী বিষয়াৰ সন্মুখতে গুৰুলা–গুৰুলকৈ মাৰধৰ কৰাত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ যুৱকজনৰ সর্বশৰীৰত আঘাতৰ চিন বিদ্যমান ৷ ৰাজপথত হোৱা এক সাধাৰণ ঘটনাক কেন্দ্র কৰি এজন ব্যক্তিক এনেধৰণে মাৰপিট কৰাত সহজভাৱে ল’ব পৰা নাই স্থানীয় লোকে৷ আজি সন্ধিয়ালৈ স্থানীয় যুৱক–যুৱতী আৰু মহিলাই থানাত উপস্থিত হৈ ন্যায়ৰ দাবী জনায় ৷

Comments (0)
Add Comment