কুলধৰ শইকীয়াঃ খাকী পোছাকৰ আঁৰৰ গল্পকাৰজনৰ বিষয়ে জানো আহক-

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ‘তীর্থ ডেকাৰ নিৰুদ্দেশৰ পিছৰছোৱা’ লিখা আৰক্ষী বিষয়াজনেই অলংকৃত কৰিলে অসম সাহিত্য সভাৰ সভাপতিৰ আসন৷ খাকী পোছাকৰ আঁৰৰ গল্পকাৰ কুলধৰ শইকীয়া অসমৰ সর্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ পৰৱর্তী সভাপতি ৰূপে নির্বাচিত হৈছে৷

যোৱা নৱেম্বৰ মাহত অসম আৰক্ষী সঞ্চালকপ্রধান পদৰ পৰা অৱসৰ গ্রহণ কৰা আই পি এছ বিষয়া কুলধৰ শইকীয়াৰ সমান্তৰাল পৰিচয় অসমীয়া সাহিত্যৰ এজন ব্যতিক্রমী কথাশিল্পী ৰূপে৷

২০১৫ চনত তেওঁ ‘আকাশৰ ছবি আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে লাভ কৰে সাহিত্য অকাডেমি বঁটা৷ ২০০০ চনত কথা বঁটাৰে সন্মানিত কথাশিল্পীজনে তেওঁ ‘আখৰাত মই আৰু অন্যান্য’ শীর্ষক গল্প সংকলনৰ বাবে লাভ কৰিছিল মুনীন বৰকটকী বঁটা৷

ইয়াৰ উপৰি প্রায় ২৫খন গ্রন্থৰ ৰচয়িতা কুলধৰ শইকীয়াৰ আন কেইখনমান উল্লেখযোগ্য গল্প সংকলন হ’ল– গ্রহান্তৰ, আড্ডা, হোষ্টেলৰ এলার্ম ঘড়ী–মাথোঁ গল্প, অট্টালিকাৰ ভেম, ব্রেকিং নিউজ আদি৷

অসমীয়া সাহিত্যৰ এগৰাকী সুপৰিচিত কথাশিল্পী কুলধৰ শইকীয়াৰ জন্ম ১৯৫৯ চনত ৰঙিয়াত৷ দেশৰ শীর্ষ শিক্ষানুষ্ঠান দিল্লী স্কুল অৱ ইক’নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্রীধাৰী শইকীয়াই আমেৰিকা যুক্তৰাষ্ট্রৰ পেনছিলভেনীয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সন্মানজনক ফুলব্রাইট ফেল’ হিচাপেও অধ্যয়ন কৰিছিল৷ ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী বিষয়া ৰূপে কর্মৰত অৱস্থাতে তেওঁ গুৱাহাটী আই আই টিৰ পৰা সন্মানীয় পি এইচ ডি গ্রহণ কৰে৷ তীক্ষ্ণ মেধাৱী ছাত্র ৰূপে পৰিচিত শইকীয়াই শিক্ষা সমাপ্ত কৰিয়ে দিল্লীৰ প্রখ্যাত হিন্দু কলেজত অর্থনীতিৰ অধ্যাপক ৰূপে কর্মজীৱনৰ পাতনি মেলিছিল৷ তেওঁ কিছুদিনৰ বাবে বিশ্ববেংকতো কর্মৰত আছিল৷

ইয়াৰ পাছতেই ১৯৮৫ চনত তেওঁ আই পি এছলৈ মনোনীত হয় আৰু অসম–মেঘালয় কেডাৰৰ বিষয়া ৰূপে অসম আৰক্ষীত যোগদান কৰে৷ সুদক্ষ আৰক্ষী বিষয়া ৰূপে কার্যনির্বাহ কৰা কুলধৰ শইকীয়াই আৰক্ষীৰ শীর্ষ পদবী সঞ্চালকপ্রধান ৰূপে অৱসৰ গ্রহণ কৰে৷

ব্যস্ততাপূর্ণ আৰক্ষী বিষয়াৰ দায়িত্বৰ সমান্তৰালভাৱে নিৰলস সহিত্য চর্চা অব্যাহত ৰখা শইকীয়াই অৱসৰৰ পাছতে সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা আগবঢ়ায় আৰু বিপুল ভোটত বিজয়ী ঘোষিত হয়৷

উল্লেখ্য যে অসম সাহিত্য সভাৰ আগন্তুক শুৱালকুছি অধিৱেশনত সভাপতিত্ব কৰিব শইকীয়াই ।

Featuredঅসম সাহিত্য সভাকুলধৰ শইকীয়া
Comments (0)
Add Comment