“কেন্দ্ৰৰ সবল স্থিতিৰ বাবেই কূটাঘাতমূলক কাৰ্যত ব্যৰ্থ আইছিছ”- ৰাজ্যপাল মুখী

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰঃ বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছৰ কেডাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱাৰ পিছতে প্ৰথমবাৰৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যপাল জগদীশ মুখীয়ে । দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হোৱা ৰাজ্যপালগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে- সন্ত্ৰাসবাদীয়ে দেশখনত বিভিন্ন কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ সৱল স্থিতৰ বাবেই তেনে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পৰা নাই আই এছ আই এছকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে ।

উল্লেখ্য যে শুকুৰবাৰে পুৱাই ৰাজ্যপালগৰাকীয়ে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয় পৰিদৰ্শন কৰি বাণ থিয়েটাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ।