কেবঃ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ জাহ্নু বৰুৱাৰ

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই কেবৰ বিৰোধিতা কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ পৰা নিজ ছবিৰ নাম প্ৰত্যাহাৰ কৰে । ৰাজ্যিক চলচ্চিত্ৰ বঁটালৈ মনোনীত হোৱা জাহ্নু বৰুৱাৰ ভগা খিৰিকী নামৰ ছবিখনৰ নাম প্ৰত্যাহাৰ কৰিলে ।

পূৰ্বৰে পৰা কেবৰ বিৰোধিতাত অটল হৈ থকা জাহ্নু বৰুৱাই মঙলবাৰে এনেদৰে সংবাদমাধ্যমৰ আগত নিজৰ মত ব্যক্ত কৰে । অসমীয়া হিচাপে এই কাৰ্যত আঘাত পোৱা বুলি উল্লেখ কৰাৰ লগতে বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰে জাহ্নু বৰুৱাই ।

Featured
Comments (0)
Add Comment