‘কেব’ক লৈ আন্দোলনঃ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সকলো জিলাৰ আৰক্ষীক নির্দেশ গৃহ বিভাগৰ

নিয়মীয়া, ৮ ডিচেম্বৰঃ ‘কেব’ৰ বিৰোধিতাক লৈ চলা শেহতীয়া আন্দোলনৰ কেতবোৰ কার্যসূচীক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ গৃহ বিভাগ ৷ বিশেষকৈ নিশাৰ ভাগত একাংশ মন্ত্রী–বিধায়কৰ বাসভৱন ঘেৰাও, আপত্তিজনক বক্তব্যৰে কৰা পোষ্টাৰিং আদি প্রতিবাদৰ সময়ছোৱাত গৃহ বিভাগে পৰিস্থিতি উত্তপ্ত হোৱাৰ আশংকা কৰিছে ৷ ইয়াৰ পৰিপ্রেক্ষিতত গৃহ বিভাগৰ তৰফৰ পৰা জিলাই জিলাই আৰক্ষী-প্রশাসনক নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত ৰখাৰ বাবে প্রয়োজনীয় কার্যব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে ৷ মূলতঃ কেবৰ বিৰুদ্ধাচৰণত চলা প্রতিবাদী কার্যসূচীৰ সময়ছোৱাত কোনো দুষ্কৃতিকাৰীয়ে অশান্তি বা বে-আইনী কার্যকলাপ সংঘটিত কৰি যাতে পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ ষড়যন্ত্র কৰিব নোৱাৰে, তাৰ বাবেই গৃহ বিভাগে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে ৷ ইপিনে এই সময়ছোৱাত ফেচবুককে ধৰি ছ’চিয়েল মিডিয়াৰ ওপৰতো দৃষ্টি ৰাখিবলৈ নির্দেশ দিয়া হৈছে । যাতে কোনেও উৰাবাতৰি বিয়পাই ৰাইজক প্রৰোচিত, উত্তেজিত কৰিব নোৱাৰে ৷ গৃহ বিভাগৰ পৰা এনেধৰণৰ সতর্কতাৰ নির্দেশ লাভ কৰাৰ পাছতেই প্রতিখন জিলাতেই থানা পর্যায়তো পৰিস্থিতিৰ পর্যালোচনা কৰি নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে ৷ খবৰ অনুসৰি, ইতিমধ্যে বহুকেইখন জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ বৰপেটা জিলাত ১৪৪ ধাৰাৰ অধীনত প্রশাসনৰ বিনা অনুমতিত ৫ জনতকৈ অধিক লোকৰ সমাগম, ধর্ণা–ধর্মঘট, শোভাযাত্রা আদি নিষিদ্ধ কৰাৰ লগতে নিশাৰ ভাগত পৰাপক্ষত আন্দোলনৰ কার্যসূচী ৰূপায়ণ নোহোৱাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্তই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে ৷

Featured
Comments (0)
Add Comment