কেবলফক্স সন্মানঃ বিশ্বৰ অন্যতম শক্তিশালী মহিলা মিত্ৰা কলিতা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আমেৰিকা নিৱাসী অসমীয়া মহিলা মিত্ৰা কলিতাক বিশ্বৰ অন্যতম ক্ষমতাশালী মহিলা হিচাপে সন্মানীত কৰিছে আগশাৰীৰ মিডিয়া কোম্পানী কেবলফক্স । বিশ্বৰ সংবাদ জগতৰ শীৰ্ষ পদত থকা মহিলাসকলৰ মাজৰ পৰা প্ৰতিবছৰেই কেবলফক্স তেওঁলোকৰ পাৰদৰ্শতা আৰু বলিষ্ঠ নেতৃত্বৰ ভিত্তিত বিশ্বৰ ক্ষমতাশালী মহিলা হিচাপে সন্মানীত কৰি আহিছে । কেবলফক্স ডিজিটেল সংবাদ মাধ্যমৰ শাখাত মিত্ৰা কলিতাক অন্যতম ক্ষমতাশালী মহিলাৰূপে স্বীকৃতি প্ৰদান কৰিছে । উল্লেখ্য যে কলিতাই বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান চি এন এনৰ ডিজিটেল নিউজএণ্ড প্ৰগ্ৰেমিং শাখাৰ উপাধ্যক্ষ ৰূপে সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি আছে । কেবলফক্সৰ মতে মিত্ৰা কলিতাই চি এন এনৰ নিউজ ডেস্কৰ নেতৃত্ব প্ৰদান কৰি সমগ্ৰ বিশ্বতে সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰি সমূহ জনপ্ৰিয় আৰু গুৰুত্বপূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰিছে । ইপিনে সমগ্ৰ বিশ্বজুৰি সংবাদ সংগ্ৰহৰ বাবে গঠিত চি এন এনৰ ১৫০ জনীয়া সাংবাদিকৰ দলটোৰ নেতৃত্ব বহন কৰি আহিছে কলিতাই ।

মিত্ৰ কলিতা বৰ্তমান নিউয়ৰ্কত ২ কন্যৰ সৈতে বাস কৰে । আনহাতে কলিতাক সন্মান আগবঢ়োৱা কেবলফক্স নামৰ মিডিয়া কোম্পানীটো বিশ্বৰ সংবাদ মাধ্যমৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে পৰিচিত ।

CNN NEWSFeaturedMITRA KALITA