‘কেব’ৰ বিৰুদ্ধে আইনী যুঁজ চলাব সাহিত্য সভাই

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ সমগ্র ৰাজ্য উত্তাল কৰি ৰখা ‘কেব’ৰ বিৰুদ্ধে আইনী যুঁজ চলোৱাৰ কথা ঘোষণা কৰিছে অসম সাহিত্য সভায়ো ৷

ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত কেন্দ্রই ‘কেব’ জাপি দিয়াটো অসমৰ বাবে দুর্ভাগ্য বুলি উল্লেখ কৰি সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখোৱাই কয়– “আমি আৰম্ভণিৰে পৰা ইয়াৰ তীব্র বিৰোধিতা কৰি আহিছোঁ আৰু আগলৈও কৰি যাম ৷ অসম সাহিত্য সভাই ‘কেব’ৰ বিৰুদ্ধে আইনী যুঁজ চলাব ৷ জাতি আৰু ভাষাৰ বিৰোধিতা কৰাসকলৰ লগত অসম সাহিত্য সভাই কেতিয়াও আপোচ নকৰে ৷”

ইফালে ৰাজ্যৰ বহুকেইখন চৰকাৰী–বেচৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে অসমীয়া ভাষাক চূড়ান্তভাৱে অৱহেলা কৰাৰ অভিযোগ তুলিছে সাহিত্য সভাই ৷ তদুপৰি চৰকাৰী কার্যালয় তথা চৰকাৰী–বেচৰকাৰী খণ্ডত প্রশাসনীয় ভাষা হিচাপে অসমীয়াৰ প্রয়োগ তেনেই শোচনীয় বুলি উল্লেখ কৰি সাহিত্য সভাৰ তৰফৰ পৰা কোৱা হয় যে সংশ্লিষ্ট চৰকাৰখনৰ নূন্যতম আন্তৰিকতা নোহোৱা বাবে অসমীয়া ভাষাই নিজৰ স্থানতে ভূলুণ্ঠিত হৈছে ৷

Featuredঅসম সাহিত্য সভা
Comments (0)
Add Comment