কেবৰ বিৰুদ্ধে আছুৰ আন্দোলন ঘোষণা

অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনত অসমলৈ অহা সকলো লোকৰ বোজা জাপি লোৱা হ'ল কিন্তু এতিয়া অসমে বোজা নহয়।

গুৱাহাটী ১৫ ডিচেম্বৰঃ লোকসভাৰ শীতকালীন অধিৱেশনত উত্থাপন কৰা হ’ব নাগৰিকত্ব সংশোধনী বিধেয়ক। যাৰ পৰিপেক্ষিতত জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় য়ে এই আইন কেতিয়াও মানি লব নোৱাৰি। কেৱল বিজেপিৰ হাতত সংখ্যা আছে কাৰণে অসমৰ হাতত এনে এখন আইন জাপি দিয়া হ’ব এইটো কেতিয়াও মানি লব নোৱাৰি। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব নাইকিয়া হ’ব । অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনত অসমলৈ অহা সকলো লোকৰ বোজা জাপি লোৱা হ’ল কিন্তু এতিয়া অসমে বোজা নহয়। লগতে কয় যে অহা ১৮ নৱেম্বৰ তাৰিখে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজধানীৰ ৰাজ্যপালৰ বাসভৱনৰ আশে পাশে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। লগতে বিজেপিক সমালোচনা কৰি কয় যে কেৱল ভোট বেংক ৰক্ষা কৰাৰ বাবে এই আইন জাপি দিয়া হ’ব। লগতে ভট্টাচাৰ্যই মন্তব্য কৰে যে এই বিধেয়েকে অসম চুক্তিক ন্যাসাৎ কৰিব।

AASU DECLAREAGANISTCABDR SAMUJJAL BHATTACHARAYA