‘কেব’ৰ বিৰুদ্ধে পোষ্টাৰিং কটন কলেজ ছাত্ৰ সমাজৰ

নিয়মীয়া বাৰ্তা,২৬ নৱেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ কটন চৌহদত ব্যাপক হাৰত পোষ্টাৰিং কৰিছে কটনিয়ানসকলে । নিশা ছাত্ৰসকলে বিশ্ববিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰ, দেৱাল , নটিচ বৰ্ড, গছ-গছনি সকলোতে আঁৰি দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী পোষ্টাৰ । এই পোষ্টাৰসমূহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ স্বাৰ্থত চিন্তা কৰিবলৈ আহ্বান জনায় । ‘কটনিয়ানে কেব নামানে ‘,’নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক ‘, ‘জাতিতকৈ গাদী ডাঙৰ নহয় সৰ্বাকাই’ আদি শ্লোগান সন্নিৱিষ্ট হাজাৰ হাজাৰ পোষ্টাৰ এতিয়া দেখা গৈছে কটনৰ বাকৰিত । ইয়াৰ লগতে কটনৰ ছাত্ৰ সমাজে শিক্ষক-শিক্ষয়িত্ৰীসকলকো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায় । উল্লেখ্য যে, সোমবাৰে বিয়লি কটনৰ ছাত্ৰ সমাজে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা প্ৰাক্তন কটনিয়ান সকলৰ সুমতি বিচাৰি এক নাম-প্ৰসংগ কাৰ্যসূচীও গ্ৰহণ কৰে বিশ্ববিদ্যালয় চৌহদত ।

Featured