কেবৰ বিৰুদ্ধে প্রাক্তন জোৱানৰ একক অভিযানঃ উজনিলৈ চাইকেল যাত্ৰা

নিয়মীয়া বাৰ্তা,৪ ডিচেম্বৰঃ সমগ্র ৰাজ্যখনত এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হৈছে তীব্র প্রতিবাদ ৷ বিভিন্ন দল–সংগঠনৰ প্রতিবাদত এতিয়া উত্তাল ৰাজ্য ৷ পিছপৰি ৰোৱা নাই প্রাক্তন সেনা জোৱানো ৷ হিমাংশু গগৈ নামৰ প্রাক্তন বায়ুসেনা জোৱানজনে এককভাৱেই অব্যাহত ৰাখিছে ‘কেব’ৰ বিৰুদ্ধে সংগ্রাম ৷ অসমৰ জনগণৰ মাজত কেবৰ বিৰুদ্ধে সজাগতা অনাৰ বাবেই জোৱানজনে চাইকেলেৰে গুৱাহাটীৰ পৰা উজনি অসমলৈকে চলাইছে কেববিৰোধী যাত্রা ৷ সোমবাৰে গুৱাহাটীত এই যাত্রা আৰম্ভ কৰাৰ পাছত মঙলবাৰে নগাঁৱৰ উৰিয়াগাঁৱত উপস্থিত হয় জোৱানজন ৷ স্থানীয় বহু লোকে জোৱানজনক আদৰণিও জনায় ৷ স্থানীয় লোকক সম্বোধন কৰি জোৱানজনে ‘কেব’ৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ জোৱানজনে লগতে কয়– আপুনি যদি ‘কেব’ৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ সময় নাপায়, তেন্তে ঘৰৰ সন্মুখতে এখন বগা কাগজত লিখি ৰাখক আমাক ‘কেব’ নালাগে ৷ কেবে অসমীয়া জাতিক ক্ষতি কৰিব ৷ লগতে লিখি ৰাখক ‘ন’ কেব’ ৷ প্রসংগক্রমে তেওঁ কয়–দেশৰ কাৰণে বহু সময় দিলোঁ ৷ এতিয়া অসমীয়া জাতিৰ বাবে সময় দিম ৷ জাতিটোৰ এই সংকটৰ সময়ত তেওঁ সকলোকে কিছু সময় দি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় ৷ ‘কেব’ৰ বিৰোধিতা কৰাৰ বাবে বিভিন্নজনে ম’বাইল ফোনত ভাবুকি দিয়াৰ কথা উল্লেখ কৰি গগৈয়ে কয়– মই এনে ভাবুকিলৈ ভয় নকৰোঁ ৷ অসমীয়া জাতিক ক্ষতি কৰিব পৰা ‘কেব’ৰ বিৰুদ্ধে তীব্র প্রতিবাদ অব্যাহত ৰাখিম ৷ প্রাক্তন সেনা জোৱানজনে কেবৰ বিৰুদ্ধে কৰা এনে প্রয়াসে সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷

Featured