‘কেব’ৰ বিৰোধিতাত অটল কনৰাড চাংমা

নিয়মীয়া বাৰ্তা,২৮ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ বাবে ভাবুকি কঢ়িয়াই অনা কেন্দ্ৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰো সবল ভূমিকা ল’ব শাসকীয় বিজেপিৰ সহযোগী দল নেচনেল পিপলছ পাৰ্টী চমুকৈ এন পি পিয়ে । দলৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ-পূব ছাত্ৰ সংগঠনৰ এটা প্ৰতিনিধি দলৰ আগত এই কথা স্পষ্টকৈ প্ৰকাশ কৰে । মন কৰিবলগীয়া যে বিধেয়কখনৰ বিৰুদ্ধে নেছ’ৰ এটা পাঁচজনীয়া প্ৰতিনিধি দলে ৰাষ্ট্ৰীয় পৰ্যায়ত জনমত গঠনৰ বাবে সম্প্ৰতি দিল্লীত বাহৰ পাতি আছে । আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, নেছ’ৰ অধ্যক্ষ চেমুৱেল জেৰৱা আৰু খাচী ছাত্ৰ সন্থাৰ সভাপতি লামবাৰ্ক মাৰ্গৰে গঠিত প্ৰতিনিধি দলটোৱে ইয়াৰ পূৰ্বে জনতা দল(ইউ)ৰ জ্যেষ্ঠ নেতা কে চি ত্যাগী, সমাজবাদী পাৰ্টীৰ জাভেদ আলী খান আৰু তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগত ৰয়ক সাক্ষাৎ কৰিছিল । ইয়াৰ পাচত বুধবাৰে দিল্লী ভ্ৰমণৰত মেঘালয়ৰ মুখ্যমন্ত্ৰীকো তেওঁলোকে সাক্ষাৎ কৰি বিধেয়কখনক লৈ আলোচনাত মিলিত হয় । কনৰাড চাংমাই প্ৰতিনিধি দলটোক বিধেয়কৰ বিৰুদ্ধে মাত মাতিব বুলি স্পষ্টকৈ উল্লেখ কৰে । পূৰ্বতেও কেবৰ বিৰোধিতা কৰা এন পি পিয়ে অনাগত দিনতো উত্তৰ-পূবৰ থলুৱা লোকৰ ক্ষতি হ’ব পৰা এই বিধেয়কৰ বিৰুদ্ধে সবল স্থিতি ল’ব বুলি কয় ।

Featured