‘কেব’ বিৰোধেৰে আৰম্ভ হোৱা বছৰটো শেষ হ’ল ‘কা’ বিৰোধিতাৰে

নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ চকুৰ প্ৰচাৰতে শেষ হ’ল আৰু এটা বছৰ । ইংৰাজী ২০১৯ বৰ্ষটোৰ আজি অন্তিমটো দিন । আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই আৰম্ভ হ’ব নৱবৰ্ষ ২০২০ ।

পিচে এই ২০১৯ বৰ্ষটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে অতিশয় উদ্বেগৰ বৰ্ষ হিচাপে চিহ্ণিত হৈ ৰ’ব৷ ‘কেব’বিৰোধী আন্দোলনেৰে আৰম্ভ হোৱা ২০১৯ বর্ষটো শেষ হ’ল ‘কা’বিৰোধী প্রতিবাদেৰে৷ নাগৰিকত্ব সংশোধনী আইন (কেব)ক কেন্দ্র কৰি ২০১৯ বর্ষৰ আৰম্ভণি হৈছিল তীব্র প্রতিবাদ, আন্দোলনৰ মাধ্যমেৰে৷ ‘কেব’ৰ বিৰুদ্ধাচৰণ কৰি বছৰটোৰ আৰম্ভণিতেই অচল কৰি তোলা হৈছিল ৰাজ্য৷

আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতি, কংগ্রেছ, অগপ আদি বিভিন্ন ৰাজনৈতিক দল–সংগঠনৰ প্রতিবাদত অসম উত্তাল হৈ পৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈকে বিজেপিৰ মন্ত্রী–বিধায়ক, নেতাসকলক বিভিন্ন স্থানত বছৰটোৰ আৰম্ভণিতেই ক’লা পতাকা প্রদর্শন কৰি ‘কেব’ বাতিল কৰিবলৈ দাবী জনায়৷ অৱশ্যে জনসাধাৰণৰ প্রবল হেঁচা বা প্রতিবাদত নহয়, ৰাজ্যসভাত বিজেপি নেতৃত্বাধীন এন ডি এৰ সংখ্যাগৰিষ্ঠতা নথকা বাবে যোৱা জানুৱাৰী–ফেব্রুৱাৰী মাহত ‘কেব’খন গৃহীত কৰাব নোৱাৰিলে৷

ইয়াৰ পাছতেই ভংগ হয় ষষ্ঠদশ লোকসভা৷ স্বাভাৱিকতে তল পৰিল নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্রসংগও৷ কিন্তু যোৱা এপ্রিল–মে’ মাহত অনুষ্ঠত সপ্তদশ লোকসভা নির্বাচনৰ ফলাফল অনুসৰি কেন্দ্রত পুনৰ বিজেপি নেতৃত্বাধীন এন ডি এৰ চৰকাৰ গঠন হয়৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি বিজেপিয়ে সংসদৰ শীতকালীন অধিৱেশনত নতুন ৰূপত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)খন উত্থাপন কৰে৷ যোৱা ৯ ডিচেম্বৰত লোকসভাত আৰু ১১ ডিচেম্বৰত ৰাজ্যসভাত কেব গৃহীত হয় আৰু তাৰ পাছতেই ৰাষ্ট্রপতিয়েও অনুমোদন জনায়৷ লগে লগে নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) নাগৰিকত্ব সংশোধনী আইন (কা)ত পৰিণত হয়৷ বছৰটোৰ আৰম্ভণিৰ দৰে অন্তিম ক্ষণো ‘কা’বিৰোধী প্রতিবাদ–আন্দোলনত ৰাজ্য উত্তাল হৈ পৰে৷ পূর্বৰ দৰে এইবাৰো আৰম্ভ হ’ল চৰকাৰবিৰোধী ধ্বনি আৰু মন্ত্রীক ক’লা পতাকা প্রদর্শন৷ বছৰটোৰ শেষত চলা ‘কা’বিৰোধী আন্দোলনত ব্যতিক্রম কেৱল দুটা৷ এটা– বছৰটোৰ আৰম্ভণিত হোৱা আন্দোলন–প্রতিবাদত অসম গণ পৰিষদ দল চামিল হৈছিল যদিও এইবাৰ তেওঁলোকে বিজেপিৰ সংগ ত্যাগ নকৰিলে৷ দ্বিতীয় ব্যতিক্রমটো হ’ল বছৰটোৰ আৰম্ভণিৰ প্রতিবাদত হিংসাত্মক ঘটনা সংঘটিত হোৱা নাছিল৷ কিন্তু বছৰটোৰ অন্তিম ক্ষণত হোৱা প্রতিবাদৰ গইনা লৈ একাংশ দুষৃকতিকাৰীয়ে বিধায়কৰ ঘৰ জ্বলোৱাৰ পৰা আৰম্ভ কৰি ৰাজহুৱা সা–সম্পত্তি ধ্বংসৰ ঘটনা সংঘটিত কৰে৷ প্রতিবাদ নিয়ন্ত্রণৰ বাবে গুৱাহাটী মহানগৰীকে ধৰি ডিব্রুগড়–তিনিচুকীয়া আদি চহৰত সান্ধ্য আইন জাৰি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ আৰক্ষী–সেনাৰ গুলীত ৫জনকৈ লোক নিহত হয়৷ তদুপৰি ২০১৯ বর্ষটো এন আৰ চি, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় কমিটী গঠন, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰৰ মন্ত্রীগোট গঠন, নতুন ভূমি নীতি প্রণয়ন, বিভিন্ন জনগোষ্ঠীক স্বায়ত্ত শাসন প্রদান আদি বিষয়ক লৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ থাকে৷ এই বছৰটোৰে ৩১ আগষ্টত চূড়ান্ত এন আৰ চিখন প্রকাশ পায়৷ যিখন এন আৰ চি এতিয়াও ৰাজ্য চৰকাৰে গ্রহণ নকৰে বুলি স্পষ্টভাৱে কৈ আহিছে৷

ৰাজ্য চৰকাৰৰ স্পষ্ট অভিযোগ– প্রকাশিত এন আৰ চিখনত বহু বাংলাদেশীৰ নাম সন্নিৱিষ্ট হৈছে৷ ইয়াৰ বিপৰীতে এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখ লোকৰ গৰিষ্ঠসংখ্যকেই প্রকৃত ভাৰতীয় নাগৰিক৷ কোনো পৰিস্থিতিতে এই এন আৰ চিখন ৰাজ্য চৰকাৰে গ্রহণ নকৰে৷ অসম পাব্লিক ৱর্কছকে ধৰি একাংশ সংগঠনে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰো শৰণাপন্ন হৈছে বিসংগতিপূর্ণ এন আৰ চিখন সম্পর্কত৷ ইয়াৰ মাজতে এন আৰ চিৰ মুখ্য সমন্বয়কৰ দায়িত্বত থকা প্রতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে অসম ত্যাগ কৰে৷ মুঠতে এখন শুদ্ধ এন আৰ চিৰ নামত বছৰটোৰ অধিকাংশ সময় ৰাজ্যৰ ৰাজনীতি বেচ উত্তাল হৈ থাকে৷ এই ইছ্যুটোত সময়ে সময়ে ভিত্তিবর্ষ ১৯৭১ৰ পৰিৱর্তে ১৯৫১ চন কৰিব লাগে বুলি একাংশই কৰা মতামতেও নতুন মাত্রা প্রদান কৰে৷ সেইদৰে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বিষয়টোও বছৰটোত ব্যাপক ৰূপত চর্চা লাভ কৰে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বছৰৰ আৰম্ভণিতে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰে এখন মন্ত্রীগোটৰ কমিটী গঠন কৰি দিয়ে আৰু নৱবর্ষৰ আৰম্ভণিতে প্রতিবেদন দাখিলৰ কথা৷ সেইদৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত বিশেষজ্ঞ কমিটীয়েও নতুন বছৰটোত প্রতিবাদনো দাখিল কৰিব বুলি আশা কৰা হৈছে৷ খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষাৰ প্রসংগতেই এই বিষয়টো অধিক গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ এই বছৰটোত চৰকাৰে কোচ ৰাজবংশী, চুতীয়া জনগোষ্ঠীক স্বায়ত্ত শাসন প্রদান কৰাৰ লগতে কেইবাটাও জনগোষ্ঠীক উন্নয়ন পৰিষদ প্রদান, খিলঞ্জীয়াৰ বাবে নতুন ভূমি নীতি গ্রহণ কৰিবলৈ বাধ্য হয়৷ এইবোৰ ইছ্যুক লৈ সমগ্র বছৰটো ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থাকিলেও শাসক দল বিজেপিৰ বাবে বছৰটো শুভ ফলদায়ক হিচাপে চিহ্ণিত হৈ ৰ’ল৷

যোৱা এপ্রিল মাহত অনুষ্ঠিত লোকসভা নির্বাচনত বিজেপিয়ে সর্বাধিক ৯খন আসন লাভ কৰে৷ সুদীর্ঘ বিৰতিৰ পাছত ৰাজ্যসভালৈও ৩জন সাংসদ পঠিয়াবলৈ সক্ষম হয়৷ বিধানসভাৰ উপ–নির্বাচনতো বিজেপিৰ আধিপত্য পূর্বৰ দৰে অক্ষুণ্ণ থাকিল৷ বছৰটোত বিজেপিয়ে প্রতিবাদী জনতাৰ ক্ষোভ–বিক্ষোভৰ সন্মুখীন হ’লেও প্রতিটো নির্বাচনত অপ্রতিৰোধ্য শক্তি হিচাপে পৰিগণিত হৈ অহাটো তাৎপর্যপূর্ণ হিচাপে চিহ্ণিত হৈ ৰ’ব৷

Featuredবিদায় ২০১৯
Comments (0)
Add Comment