“কেব সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটুট আছে অগপ”- কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ “কেব প্ৰসংগক লৈ বিজেপিৰ সৈতে অগপ দলে মিত্ৰতা ভংগ কাৰৰ পাছত পুনৰ মিত্ৰতাত আবদ্ধ হোৱাৰ সময়তে কেব উত্থাপন কৰাৰ সময়ত অগপৰ সৈতে আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল । গতিকে বিজেপিয়ে এতিয়াও বিধেয়কখথন সন্দৰ্ভত অগপৰ সৈতে আলোচনা কৰা নাই । এনে অৱস্থাত বিজেপিয়ে আমাৰ সৈতে আলোচনা নকৰিলে আমি স্থিতি স্পষ্ট কৰিম ।”- বুধবাৰে শিৱসাগৰত হোৱা এক চৰকাৰী অনুষ্ঠানত অংশ লৈ এই মন্তব্য অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপৰ সভাপতি অতুল বৰাই বিজেপি নেতৃত্বৰে আলোচনা কৰিব বুলি কৰা মন্তব্যৰ বিপৰীতে দলৰ স্থিতি অটুট আছে বুলিহে উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই । ইপিনে অতুল বৰাৰ এনে বক্তব্যৰে কাৰ্যতঃ ইয়াকে স্পষ্ট কৰিছিল যে নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ পৰা এইবাৰ অগপ আঁতৰত থাকিব । আঞ্চলিক দলটোৰ ভিতৰতে এনে বিপৰীত ভাষ্যই স্বাভাৱিকতে দলীয় কৰ্মীসকলক যথেষ্ট বিমোৰত পেলাইছে ।

AGPFeatured