কেলিফর্নিয়ালৈ আমন্ত্রিত ‘এ ব্লাইণ্ড ডগ’

প্রথম অসমীয়া থ্রী–ডি এনিমেচন চিনেমা

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ আমেৰিকাৰ অন্যতম সন্মানীয় ছবি মহোৎসৱ ‘বে’ এৰিয়া ছাউথ এছিয়ান ছবি মহোৎসৱলৈ আমন্ত্রণ লাভ কৰিছে অসমৰ প্রথমখন থ্রী–ডি এনিমেচন ছবি ‘এ ব্লাইণ্ড ডগ’–এ ৷ কেলিফ’র্নিয়াত অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহোৎসৱখনৰ অপ্রতিযোগিতামূলক শাখাত ভাৰতৰ একমাত্র প্রতিনিধিৰ ৰূপত অসমৰ থ্রী–ডি এনিমেচন ছবিখন প্রদর্শিত হ’ব ৷

উল্লেখ্য যে ৰিয়ান হাজৰিকাই পৰিচালনা আৰু এনিমেচন কৰা ‘এ ব্লাইণ্ড ডগ’ হ’ল চেণ্ড্রেল ব’ড অৱ ফিল্ম চার্টিফিকেচনৰ স্বীকৃতিপ্রাপ্ত প্রথম অসমীয়া থ্রী–ডি এনিমেচন চলচ্চিত্র ৷ ভাৰতৰ ছবিগৃহত শীঘ্রে মুক্তি পাবলগীয়া ছবিখনৰ নির্মাতা ৰিয়ান হাজৰিকা হ’ল উত্তৰ–পূব ভাৰতৰ এনিমেচন জগতৰ অন্যতম পথিকৃৎ ৷ ২০১২ত তেওঁ এনিমেটেড ভিডিঅ’ ‘হাম বদল গয়ে’ৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্রকাশ ঘটাইছিল ৷ হাজৰিকাৰ দ্বাৰা পৰিচালিত ‘হাম বদল গয়ে’ আছিল উত্তৰ–পূর্বাঞ্চলৰ প্রথম এনিমেচন ভিডিঅ’ ৷

Assamese 3D cinemaFeatured
Comments (0)
Add Comment