কেৰালাৰ পৰা পলায়ন সন্দেহযুক্ত ক’ৰোনা আক্ৰান্তক বঙাইগাঁৱত আটক

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে এই ভাইৰাছত আক্রান্তৰ সন্দেহ কৰা এজন যুৱক কেৰালাৰ পৰা অসম অভিমুখে পলায়ন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছিল বুধবাৰে ৷ মৰিগাঁৱৰ এই যুৱকজনে কেৰালাত কর্মৰত অৱস্থাত থকা সময়তে চর্দি–জ্বৰত আক্রান্ত হয় ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে যুৱকজনক হোটেলৰ আছুতীয়া কোঠাত ১৪ দিনৰ পর্যবেক্ষণত ৰাখি থোৱাৰ সময়তে যুৱকজনে হোটেলৰ পৰা পলায়ন কৰে ৷  বিষয়টোক লৈ কেৰালাত সৃষ্টি হোৱা চাঞ্চল্যৰ সময়তে কেৰালা আৰক্ষীয়ে অসম আৰক্ষীক এই বিষয়ে অৱগত কৰি যুৱকজনক চিনাক্তকৰণৰ অনুৰোধ জনায় ৷

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা দক্ষিণৰ পৰা অহা এখন ৰে’লত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই যুৱকজনক । বঙাইগাঁও ৰে’ল জংচনত আটক কৰাৰ পাচতেই যুৱকজনক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । যুৱকজনৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি আছে নে নাই সেই সম্বন্ধীয় তথ্য এতিয়াও পোহৰলৈ অহা নাই ।

যোৱা ১৬ মাৰ্চ তাৰিখে কেৰালাৰ এখন হোটেলত আছুতীয়াকৈ ৰখা অৱস্থাৰ পৰা দুজন সংগীসহ পলায়ন কৰিছিল মৰিগাঁৱৰ এইজন যুৱকে । পলায়ন কৰাৰ পাচতেই নিজৰ মোবাইল ফোন অফ কৰি পোনে পোনে ট্ৰেইন যোগে অসম অভিমুখে আহি আছিল যুৱকজন ।

Featured
Comments (0)
Add Comment