কোকিলকণ্ঠী দীপালী বৰঠাকুৰৰ স্মৃতিত স্থাপন হ’ব সংগীত মহাবিদ্যালয়–সংগ্রহালয়

প্রথম মৃত্যুবার্ষিকীত কোকিলকণ্ঠী দীপালী বৰঠাকুৰক সশ্রদ্ধ

নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ অসমৰ সমাজ জীৱনৰ এটা চিনাকি কণ্ঠ৷ যাৰ কণ্ঠৰে নিগৰিছিল ‘সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’, ‘সোণৰ খাৰু নালাগে মোক’, ‘চেনাই মই যাওঁ দেই’, ‘জোনধনে জোনালীতে’, ‘কোন সেই ৰূপৱতী যায়’ আদি বহু কালজয়ী গীত৷ প্রতিজন অসমীয়াৰ হূদয়ত চিৰকাল জীয়াই থকা কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ মৃত্যুৰ শনিবাৰে এটা বছৰ পাৰ হ’ল ৷

সুখ–দুখৰ প্রতিটো মুহূর্ততে দুয়ো দুয়োৰে কাষত থাকি অমৰ প্রেমৰ নিদর্শন দাঙি ধৰা শিল্পী নীলপৱন বৰুৱাই পাৰ কৰিলে দীপালী বৰঠাকুৰ অবিহনে এটা বছৰ ৷ ওৰেটো জীৱন দীপালী বৰঠাকুৰক সংগ দিয়া নীলপৱন বৰুৱাই প্রথম মৃত্যুবার্ষিকীত উচুপি উঠিল ৷

প্রথম মৃত্যুবার্ষিকী উপলক্ষে আজি দীপালী বৰঠাকুৰৰ ঘৰত বসুন্ধৰা কলা নিকেতনৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ কার্যসূচী ৷ বহু গুণমুগ্ধৰ উপস্থিতিত দিনজোৰা বিভিন্ন কার্যসূচী আৰু দীপালী বৰঠাকুৰৰ কালজয়ী গীতেৰে বিভিন্নজনে শিল্পীগৰাকীলৈ শ্রদ্ধা নিবেদন কৰে৷

ইফালে দীপালী বৰঠাকুৰৰ ভতিজী সংগীতা বৰঠাকুৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে অহা বর্ষত দীপালী বৰঠাকুৰৰ স্মৃতিত এখন সংগীত মহাবিদ্যালয় আৰু এটা সংগ্রহালয় স্থাপন কৰা হ’ব৷ এই সংগ্রহালয়ত গায়িকাগৰাকীৰ সকলো সামগ্রী সযতনে ৰখাৰ লগতে নীলপৱন বৰুৱাৰ চিত্র আৰু বঁটাসমূহ ৰখা হ’ব বুলিও সংগীতা বৰঠাকুৰে জানিবলৈ দিয়ে৷

Featuredকোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰ
Comments (0)
Add Comment