কয়লা খননক লৈ সংসদত সৰৱ প্ৰদ্যুৎ বৰদলৈ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰঃ তিনিচুকীয়াৰ বৰ্ষাৰণ্যত চলি থকা অবৈধ কয়লা খননক লৈ বুধবাৰে লোকসভাৰ মজিয়াত পুনৰ সৰৱ হ’ল সাংসদ প্ৰদ্যুৎ বৰদলৈ । সদনৰ শূন্যকালত বৰ্ষাৰণ্যৰ ধ্বংসকাৰ্যৰ সবিশেষ তথ্য় দাঙি ধৰি কংগ্ৰেছৰ সাংসদ বৰদলৈয়ে শীঘ্ৰে সমস্ত ঘটনাৰ তদন্ত কৰিবলৈ এটা ‘ফেক্ট ফাইণ্ডিং টীম’ প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰৰ ওচৰত দাবী জনায় । উল্লেখ্য যে উজনি অসমত চলি থকা অবৈধ কয়লা খননৰ কথা কেন্দ্ৰীয় বন আৰু পৰিবেশ বিভাগৰ ৰাজ্যমন্ত্ৰী বাবুল সুপ্ৰিয়ই অলপতে লোকসভাৰ মজিয়াত স্বীকাৰ কৰিছিল । বিভাগীয় মন্ত্ৰীজনে এই কথা জনাইছিল যে তিনিচুকীয়াৰ বৰ্ষৰণ্যত এই মুহূৰ্তত ১৩০ হেক্টৰ ভূমিত অবৈধ কয়লা খননকাৰ্য চলি আছে ।

Featured