ক’ৰোনাৰ মোকাবিলা কৰিবলৈ অসমলৈ উত্তৰ-পূব পৰিষদৰ ৫ কোটি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ দেশজুৰি সংক্ৰমণ ঘটা ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত সহায়ক হোৱাকৈ শুকুৰবাৰে ড’নাৰমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে উত্তৰ-পূবৰ ৰাজ্যকেইখনলৈ ২৫ কোটি টকাৰ অনুদান আগবঢ়াইছে । ড’নাৰ মন্ত্ৰালয় আৰু উত্তৰ-পূব পৰিষদৰ সৈতে হোৱা এক ভিডিঅ’ কনফাৰেঞ্চিঙত ড’নাৰমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এই কথা ঘোষণা কৰে । ক’ৰোনাৰ বিৰুদ্ধে মোকাবিলা কৰিবৰ বাবে এই ধনৰাশিৰ পৰা উত্তৰ-পূব পৰিষদৰ জৰিয়তে অসমে লাভ কৰিছে ৫ কোটি টকা ।

Comments (0)
Add Comment