ক’ৰোনা আতংকঃ ২০ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ বাতিল কেইবাখনো ৰে’ল

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী ক’ৰোনাৰ আতংকই বিৰাজ কৰিছে অসমত । ক’ৰোনাৰ আতংকই বিৰাজ কৰাৰ বাবে বাছ, ৰে’ল সকলোতে এতিয়া দেখা গৈছে সেৰেঙা উপস্থিতি । উত্তৰ-পূব সীমান্ত ৰে’লৱে ক’ৰোনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখিছে ২০ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ বাতিল কৰিছে কেইবাখনো ৰে’ল ।

১২০৮৬ নম্বৰৰ শতাব্দী এক্সপ্ৰেছ ( ডিব্ৰুগড়-গুৱাহাটী) , ১২০৮৮ নম্বৰৰ শতাব্দী এক্সপ্ৰেছ ( গুৱাহাটী-নাহৰলগুন ),  ১২০৮৭  নম্বৰৰ শতাব্দী এক্সপ্ৰেছ ( নাহৰলগুন-গুৱাহাটী ), ১২০৮৫ শতাব্দী এক্সপ্ৰেছ ( গুৱাহাটী-ডিব্ৰুগড় ), ডিব্ৰুগড় মুৰ্কংচেলেক আৰু মুৰ্কংচেলেক ডিব্ৰুগড় দুখনকৈ ইণ্টাৰচিটি এক্সপ্ৰেছো বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

Featured
Comments (0)
Add Comment