ক’ৰোনা পজিটিভ ৰোগীৰ ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ এগৰাকী বিধায়কৰ ফেছবুক প’ষ্ট

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ যিসময়ত ৰাজ্য চৰকাৰে একত্ৰিত হৈ ক’ৰোনা মহামাৰীৰ সৈতে যুঁজ দিছে, তেনে এক দুৰ্যোগৰ সময়ত চৰকাৰক সহযোগ নকৰি ক’ৰোনাক লৈ ৰাজনীতিত নামি পৰিছে পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক এ কে ৰছিদ মণ্ডলৰ।

কিছুদিন পূৰ্বে ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত ফেছবুক প’ষ্টৰ পাছত এইবাৰ পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক এ কে ৰছিদ মণ্ডলৰ দায়িত্বজ্ঞানহীন কাণ্ড ।

ক’ৰোনা পজিটিভ ৰোগীৰ ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ বিধায়ক এ কে ৰছিদ মণ্ডলে ছ’চিয়েল মিডিয়াত এক প’ষ্ট কৰিছে । এই প’ষ্ট যোগে গোৱালপাৰাৰ ৩ পজিটিভ ৰোগীৰ ক’ৰোনা পজিটিভ হোৱাৰ ৰিপৰ্ট ৰাজহুৱা কৰিবলৈ দাবী জনায় । লগতে তেওঁলোকৰ ৰিপৰ্ট এতিয়াও কিয় ৰাজহুৱা কৰা নাই বুলি প্ৰশ্নৰো উত্থাপন কৰে বিধায়ক এ কে ৰছিদ মণ্ডলে ।

ইফালে এগৰাকী দায়িত্বশীল জনপ্ৰতিনিধিৰ এনে কৰ্মকাণ্ডত এতিয়া ক্ষোভ প্ৰকাশ কৰিছে গোৱালপাৰাবাসীয়ে ।

Featured
Comments (0)
Add Comment