কৰ্তন নহয় চৰকাৰী কৰ্মচাৰীৰ ১০ৰ পৰা ২০ শতাংশ দৰমহা

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ চৰকাৰী কৰ্মচাৰীৰ ১০ৰ পৰা ২০ শতাংশ দৰমহা কৰ্তন নহয় বুলি সংবাদমেলত সদৰী কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ এই সিদ্ধান্তৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিহেতু এইবাৰ বিহুত সন্তানৰ বাবে কাপোৰ কিনাৰ পৰিৱেশ নাথাকিব সেয়ে প্ৰতিজন কৰ্মচাৰীয়ে দৰমহা পোৱাৰ পাছত গাঁৱৰ ৫টা দুখীয়া পৰিয়ালক সহায় কৰক। এই সময়ত ইজন সিজনৰ সহায়ক হওঁক, লগতে সহায় কৰাৰ ফটো ৱেবছাইটত পঠাবলৈও আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

Comments (0)
Add Comment