কৰ্তব্যৰত বিষয়া-কৰ্মচাৰীক ৫০ লাখৰ স্বাস্থ্য বীমাঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুদ্ধত নিয়োজিত দেশৰ স্বাস্থ্যকৰ্মীসকললৈ আগবঢ়োৱা ৫০ লাখ টকাৰ স্বাস্থ্য বীমা আঁচনিৰ সুবিধাৰ অধীনত অসম চৰকাৰে ৰাজ্যখনৰ আৰক্ষী বাহিনীৰ লোকসকলৰ লগতে ক’ভিড-১৯ বিৰোধী অভিযানত প্ৰত্যক্ষভাৱে নিয়োজিত অন্যান্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকলকো সামৰি ল’ব । দেওবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় চৌহদত সংবাদমাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বান্দ সোণোৱালে এই ঘোষণা কৰে । অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত ৰাজ্যখনৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক’ভিড -১৯ ৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰো পৰ্যালোচনা কৰে । বৈঠকত মুখ্যমন্ত্ৰীয়ে এই যুঁজৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ।

Comments (0)
Add Comment