কৰ ফাঁকিৰে কয়লাৰ অবৈধ সৰবৰাহ

নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্রান্তত কয়লাৰ ছিণ্ডিকেট আৰু অবৈধ সৰবৰাহ অব্যাহত আছে৷ বিভিন্ন পক্ষক মেনেজ কৰি চুবুৰীয়া নাগালেণ্ডক কেন্দ্র কৰি যোৰহাট জিলাতো কয়লাৰ ছিণ্ডিকেট আৰু কৰ ফাঁকিৰে অবৈধ সৰবৰাহ চলি আছে৷ বিগত বর্ষত মৰিয়নিত এখন তথাকথিত কমিটী গঠন কৰি প্রতিখন কয়লা সৰবৰাহ কৰা ড্রাকৰ পৰা নির্দিষ্ট পৰিমাণৰ ধন তুলি বিভিন্ন পক্ষক মেনেজ কৰি আহিছিল৷ কিন্ত এই বছৰ তেনে কোনো কমিটী নাই যদিও কেইজনমান যুৱকে কয়লাৰ ড্রাকৰ পৰা পইচা তুলি বিভিন্ন পক্ষক মেনেজ কৰি কাম কৰি আহিছে৷ কৃষ্ণ, মোহন, বুবু আৰু হোমেন নামৰ চাৰিজন যুৱকে প্রতিখন ড্রাকৰ পৰা বিভিন্ন পক্ষক মেনেজৰ নামত মোটা পৰিমাণৰ ধন সংগ্রহ কৰি আহিছে৷ দেওবাৰে নিশা নাগালেণ্ডৰ পৰা একেলগে সাতখন ১২/১৪ চকীয়া অ’ভাৰলোডিং কয়লাৰ ড্রাক চিনামৰা হৈ গডআলিয়েদি পাৰ হৈ যায়৷

Comments (0)
Add Comment