খিলঞ্জীয়াৰ স্বাৰ্থত নতুন ভূমিনীতিঃ চহৰাঞ্চলত খিলঞ্জীয়া ভূমিহীনে পাব মাটি

কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনত কঠোৰ চৰ্ত । গুৱাহাটীসহ ৰাজ্যৰ চহৰাঞ্চলত খিলঞ্জীয়া ভূমিহীনে পাব মাটি-থাকিব চৰৰ ভূমি স্বত্ব - ক্ষুদ্ৰ চাহ খেতিয়কলৈ ভূমি আবণ্টন । জিলাই জিলাই হ'ব জৰীপ । পাৰিপাৰ্শ্বিকতাৰ বাবে প্ৰতিখন গাঁৱতে ৫-১৪ বিঘাকৈ মাটি সংৰক্ষণৰ ব্যৱস্থা ।

নিয়মীয়া বাৰ্তা,২৩ নৱেম্বৰঃ অসমৰ খিলঞ্জীয়া বাসিন্দাৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ প্ৰস্তুত কৰা হৈছে নতুন ভূমি নীতি । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উন্মোচন কৰা ভূমি নীতি, ২০১৯ ত মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া কৃষকৰ ভূমি অধিকাৰত গুৰুত্ব আৰোপ কৰা হৈছে । মূলতঃ অসমীয়াৰ হাতৰ পৰা যাতে কোনো বহিৰাগত পুঁজিপতিয়ে ভূমিৰ অধিকাৰ কাঢ়ি নিব নোৱাৰে , সেই লক্ষ্যৰ প্ৰতিফলন ঘটিছে নতুন ভূমি নীতিত । মন কৰিবলগীয়া যে, পূৰ্বৰ ভূমি নীতি ৰাজ্যৰ থলুৱা কৃষক তথা দৰিদ্ৰ লোকৰ ভূমি সুৰক্ষিত কৰা চূড়ান্তভাৱে ব্যৰ্থ হৈছিল । ফলত বৃহত পুঁজিপতি আৰু বহুজাতিক প্ৰতিষ্ঠানৰ কবলত পৰি ৰাজ্যৰ কৃষকে হেৰুৱাব লগা হৈছিল নিজৰ ভূমি । বিভিন্ন প্ৰলোভনেৰে দুখীয়া কৃষকৰ পৰা শ শ বিঘা ভূমি হস্তগত কৰি উদ্যোগ স্থাপনেৰে অসমৰ কৃষিখণ্ডলৈ বিপৰ্যয় মাতি অনা হৈছিল । এনে অৱস্থাত ৰাজ্যৰ থলুৱা খেতিয়কৰ হাতত যাতে কৃষিভূমি সুৰক্ষিত হৈ থাকে , তাৰ বাবে দীৰ্ঘদিনৰ পৰা থলুৱাৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ নতুন ভূমি নীতিৰ দাবী উত্থাপন হৈ আহিছিল । ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে শেহতীয়াকৈ প্ৰস্তুত কৰি উলিওৱা নতুন ভূমি নীতিৰ জৰিয়তে খিলঞ্জীয়াৰ হাতত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব বিচৰা হৈছে । বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোণোৱালে আনুষ্ঠানিকভাৱে উন্মোচন কৰা এই ভূমি নীতিত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৰাজ্যৰ কৃষিভূমি খণ্ড যাতে সুৰক্ষিত হৈ থাকে । অৰ্থাত এই কৃষিভূমি যাতে আন উদ্যোগলৈ হস্তান্তৰিত নহয় । নতুন ভূমি নীতি অনুসৰি ৰাজহ বিভাগে অসমৰ প্ৰতিখন জিলাৰ কৃষিভূমি চিনাক্ত কৰিবলৈ এক জৰীপ চলাব । এই জৰীপৰ জৰিয়তে কৃষিকাৰ্য সম্পন্ন হৈ থকা ভূমিসমূহ সংৰক্ষিত কৰা হ’ব । নতুন ভূমিনীতি অনুসৰি ৰাজ্য চৰকাৰে তিনিবিঘাকৈ মাটি ভূমিহীন কৃষকক প্ৰদান কৰিব । আনহাতে, আধা বিঘা ভূমি গৃহ নিৰ্মাণৰ বাবে ভূমিহীন কৃষকক আবণ্টন দিয়া হ’ব । নতুন ভূমি নীতিৰ জৰিয়তে ভূমিৰ শ্ৰেণী পৰিৱৰ্তনৰ কঠোৰ নীতি-নিয়ম স্থিৰ কৰা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা কৃষিভূমি কোনো কাৰণতে আন উদ্দেশ্যত হস্তান্তৰ নহ’ব । আনকি জিলা উপায়ুক্তয়ো কৃষিভূমি আন উদ্দেশ্যত বিক্ৰী অথবা হস্তান্তৰৰ বাবে অনুমতি প্ৰদান কৰিব নোৱাৰে । এনে কৃষিভূমি এজন খেতিয়কৰ পৰা আন এজন খেতিয়কলৈ হস্তান্তৰ বা বিক্ৰী কৰিবলৈ হ’লেও ভূমিখণ্ড সন্দৰ্ভত জিলা উপায়ুক্তই চৰজমিন তদন্ত কৰি তাৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব । উক্ত প্ৰতিবেদন পৰীক্ষা কৰিহে ৰাজ্য চৰকাৰে ভূমিখণ্ড সন্দৰ্ভত অনুমতি প্ৰদান কৰিব । ইফালে , নতুন ভূমিনীতিত কৃষিভূমিৰ সূত্ৰ বিশেষভাৱে দাঙি ধৰা হৈছে । নতুন নীতি অনুসৰি সেইসমূহ কৃষিভূমি হ’ব, যিবোৰ ভূমি যোৱা দীৰ্ঘবছৰ ধৰি খিলঞ্জীয়া লোকসকলে খেতি কৰি আহিছে । উক্ত কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা আৰু এই কৃষিভূমি খেতিৰ বাবে সকলো সময়তে উপযোগী বুলি চিহ্নিত হৈ আহিছে । এই কৃষিভূমি সমূহ কৃষি বিভাগে চিহ্নিত কৰাৰ পাছত প্ৰতিখন জিলাৰ উপায়ুক্ত কাৰ্যালয়ে এই ভূমিসমূহৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুত কৰি উলিয়াব । অৱশ্যে নতুন ভূমি নীতিত উদ্যোগীকৰণ ব্যৱস্থাক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হোৱা নাই । বিশেষ জৰীপেৰে অনুৰ্বৰ কৃষিভূমিত অনুমতি দিয়া হ’ব বিশেষ ঔদ্যোগিক আন্তঃগাঁথনি মণ্ডল স্থাপনৰ । অৰ্থাৎ দহবছৰৰ অধিক কাল ধৰি যি কৃষিভূমিত কৃষিকাৰ্য হোৱা নাই, তেনে ভূমিখণ্ড ঔদ্যোগিক বিকাশৰ বাবে ব্যৱহাৰ কৰিব পাৰিব । তদুপৰি ইটা আৰু টাইলছ উদ্যোগ স্থাপনৰ বাবে চৰকাৰী ভূমি অস্থায়ীভাৱে আবণ্টন দিয়া হ’ব । সমান্তৰালভাৱে কোনো গ্ৰাম্য এলেকাত যদি বিশেষ প্ৰকল্প স্থাপন কৰে, তেন্তে জিলা উপায়ুক্তই সৰ্বাধিক আঠ বিঘা ভূমি ইয়াৰ বাবে আবণ্টন দিব পাৰিব । ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নতুন ভূমি নীতিত আন এটা দিশত বিশেষ গুৰুত্ব দিয়া হৈছে । সেই অনুসৰি এজন ব্যক্তিৰ নামত এখন পট্টা হ’ব । বৰ্তমান ভূমিৰ প্ৰকৃত বন্দৱস্তি হৈ নুঠাৰ বাবে একেখন পট্টাৰ ভিতৰত বহু ভূমিৰ গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈ আছে । ফলত ভূমি সম্পৰ্কীয় খেলিমেলি বৃদ্ধি পাইছে । ইয়াৰ বাবে এজন ব্যক্তিৰ নামত ৰাজ্যৰ য’তেই ভূমি নাথাকক কিয় , তেওঁৰ পট্টা এখনেই হ’ব । নতুন নীতিত প্ৰতি জিলাৰ উপায়ুক্তক ভিলেজ লেণ্ড বেংক স্থাপনৰ পৰামৰ্শ দিয়া হৈছে । ইয়াৰ দ্বাৰা থলুৱা লোকৰ ভূমি সুৰক্ষা কৰাৰ লক্ষ্য ৰখা হৈছে । ভূমি নীতিত প্ৰতিখন গাঁৱতে ৫ বিঘাৰ পৰা ১৪ বিঘা ভূমি পাৰিপাৰ্শ্বিকতাৰ স্বাৰ্থত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । আনহাতে , ৰাজ্যৰ খিলঞ্জীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ দীৰ্ঘদিনীয়া দাবীৰ আধাৰত ভূমি আবণ্টন দিয়াৰ নীতি গ্ৰহণ কৰা হৈছে । নতুন ভূমি নীতিত ভূমিহীন খিলঞ্জীয়াৰ হাতত থাকিব চৰৰ ভূমি স্বত্ব । ইয়াৰ দ্বাৰা ৰাজ্যৰ প্ৰতিটো চৰৰ ভূমি জৰীপ কৰাৰ পাছত এই ভূমিসমূহৰ পট্ট প্ৰদান কৰা হ’ব । নতুন ভূমি নীতি সন্দৰ্ভত ৰাজহ বিভাগৰ সচিব অশোক বৰ্মনে প্ৰকাশ কৰা মতে , জলাশয়, পাহাৰ অথবা নৈৰ দাঁতিৰ ভূমিৰ ওপৰত দখল ভোগ কৰি থকা লোকসকলৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া চৰকাৰে সিদ্ধান্ত ল’ব । ভূমি নীতিত এই ভূমিসমূহৰ ক্ষেত্ৰত চৰকাৰে পৰীক্ষা কৰি অথবা জৰীপ কৰি আবণ্টন দিব পাৰে বা উচ্ছেদৰ সিদ্ধান্তও ল’ব পাৰে । এই ভূমি বন্দৱস্তিত কঠোৰ নীতি-নিৰ্দেশনা দিয়া হৈছে নতুন ভূমি নীতিত । গুৱাহাটী মহানগৰীৰ প্ৰতিটো খিলঞ্জীয়া ভূমিহীন পৰিয়ালক ১ কঠা ৫ লেচাকৈ ভূমি আবণ্টন দিয়াৰ নীতি গ্ৰহণ কৰা হৈছে নতুন ভূমি নীতিত ।

Featured