খেলো ইণ্ডিয়াত অসমৰ প্ৰথমটো স্বৰ্ণ

উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দীক ১-০ ব্যৱধানত পৰাস্ত

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ খেলো ইণ্ডিয়াত অসমলৈ প্ৰথমটো স্বৰ্ণ পদক কঢ়িয়াই আনিলে পূজা বসুমতাৰীয়ে। ১৭ বছৰৰ অনুৰ্ধ্বৰ ৫৭ কেজিৰ মহিলা জুডোত এই পদক লাভ কৰিলে পূজাই। ফাইনেলত উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দীক ১-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় পূজা বসুমতাৰী। আনহাতে আজি বিয়লি ৬৩ কেজি শাখাৰ জুডোৰ ফাইনেলত নামিব ধৰিত্ৰী সোণোৱাল। ইয়াৰ পূৰ্বে উপাসা তালুকদাৰে জিমানাষ্টিকত এটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।

খেলো ইণ্ডিয়াত অসমৰ প্ৰথমটো স্বৰ্ণ
Comments (0)
Add Comment