খেলো ইণ্ডিয়াত অসমৰ স্থান কি?

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ খেলো ইণ্ডিয়াত সৰ্বমুঠ ৭৫টা পদক লাভ কৰিলে অসমে। খেলো ইণ্ডিয়াৰ শীৰ্ষত মহাৰাষ্ট্ৰ। ৭৮টা সোণ, ৭৬টা ৰূপ আৰু ১০১টা ব্ৰঞ্জৰ পদকৰে মহাৰাষ্ট্ৰই লাভ কৰিছে সৰ্বমুঠ ২৫৫টা পদক।
আনহাতে ১৯৭টা পদকৰে দ্বিতীয় স্থানত হাৰিয়ানা। ৬৬টা সোণ, ৬০টা ৰূপ, আৰু ৭১টা ব্ৰঞ্জৰ পদকৰে হাৰিয়ানাই লাভ কৰিছে মুঠ ১৯৭টা পদক। তৃতীয় স্থানত থকা দিল্লীয়ে লাভ কৰিছে ৩৯টা সোণ, ৩৬টা ৰূপ, ৪৭টা ব্ৰঞ্জৰ পদকসহ মুঠ ১২২টা পদক।

খেলো ইণ্ডিয়াৰ চতুৰ্থ স্থানত আছে কৰ্ণাটক, কৰ্ণাটকে লাভ কৰিছে ২৮টা সোণ, ২৫টা ৰূপ আৰু ২০টা ব্ৰঞ্জৰ পদকসহ সৰ্বমুঠ ৭৩টা পদক। ৫ম স্থানত আছে উত্তৰ প্ৰদেশ। ২৭টা সোণ, ২৮টা ৰূপ আৰু ২৯টা ব্ৰঞ্জৰ পদকৰে সৰ্বমুঠ ৮৪টা পদক লাভ কৰিছে উত্তৰ প্ৰদেশে।

খেলো ইণ্ডিয়াৰ ৬ষ্ঠ স্থানত আছে তামিলনাডু। ২১টা সোণ, ৩০টা ৰূপ আৰু ২১টা ব্ৰঞ্জসদ ৭২টা পদকৰে ৬ষ্ঠ স্থানত আছে তামিলনাডু। সপ্তম স্থানত আছে অসম। অসমে লাভ কৰিছে ২০টা সোণ, ২১টা ৰূপ, আৰু ৩৪টা ব্ৰঞ্জৰ পদক।

খেলো ইণ্ডিয়াত অসমৰ স্থান কিমান
Comments (0)
Add Comment