খেলো ইণ্ডিয়াত বক্সাৰৰ মাজত কিয় হল হতাহতি

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেলো ইণ্ডিয়াত অঘটন। মহানগৰীৰ ছাই ষ্টেডিয়ামত বক্সিং মেচৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। অসম আৰু মধ্যপ্ৰদেশৰ খেলুৱৈ মাজত হোৱা বক্সিং প্ৰতিযোগিতা হৈছিল। উল্লেখ্য যে অসমৰ খেলুৱৈগৰাকীক পৰাস্ত কৰি ঠাট্টা কৰাৰ বাবেই এনেধৰণৰ পৰিস্থিতি সৃষ্টি তাৰ পিছত মধ্যপ্ৰদেশৰ খেলুৱৈ জনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল অসমৰ খেলুৱৈ আৰু তথা দৰ্শক সকল। ইয়াৰ পিছতেই মধ্য প্ৰদেশৰ খেলুৱৈ জন ক্ষমা খোজাৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। মধ্য প্ৰদেশৰ খেলুৱৈ জনৰ নাম  হিমাংশু শ্ৰীৱাছে।

Comments (0)
Add Comment