খেলো ইণ্ডিয়াত মুঠ ৬০টা পদকৰে ৬ষ্ঠ স্থানত অসম

নিয়মীয়া বাৰ্তাঃ ২১ জানুৱাৰীঃ খেলো ইণ্ডিয়াত ক্ৰমাৎ অগ্ৰগতি অসমৰ। সৰ্বমুঠ ৬০টা পদকৰে ৬ষ্ঠ স্থানলৈ উন্নীত অসম। বৰ্তমানলৈ ১৫টা সোণ, ২৭টা ৰূপ আৰু ১৮টা ব্ৰঞ্জৰ পদকৰে অসমে নিজৰ নাম ৰাখিবলৈ সক্ষম হৈছে খেলো ইণ্ডিয়াত। পূৰ্বৰ দৰেই শীৰ্ষত মহাৰাষ্ট্ৰ, মহাৰাষ্ট্ৰই লাভ কৰিছে ৭১টা সোণ, ৬৪টা ৰূপ আৰু ৮৭টা ব্ৰঞ্জৰ পদক। দ্বিতীয় স্থানত হাৰিয়ানা, হাৰিয়ানাই লাভ কৰিছে ৫৩টা সোণ, ৪৪টা ৰূপ আৰু ৫৪টা ব্ৰঞ্জৰ পদক। তৃতীয় স্থানত আছে দিল্লী আৰু দিল্লীয়ে লাভ কৰিছে ৩৩টা সোণ, ৩৩টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদক। খেলো ইণ্ডিয়াৰ চতুৰ্থ আৰু ৫ম স্থানত আছে ক্ৰমে উত্তৰ প্ৰদেশ আৰু কৰ্ণাটক।

খেলো ইণ্ডিয়াঃ
Comments (0)
Add Comment