খেলো ইণ্ডিয়াত ১৩টা সোণৰে সপ্তম স্থানলৈ উন্নীত অসম

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ খেলো ইণ্ডিয়াৰ অসমৰ অগ্ৰগতি অব্যাহত। ১৩টা সোণ, ১৩টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ পদক জিনি দেশৰ ভিতৰতে দশম স্থানত আছে অসম। ৬০টা সোণৰ পদকৰে দেশৰ ভিতৰতে শীৰ্ষত মহাৰাষ্ট্ৰ, ৪৫টা সোণৰ পদকৰে ২য় স্থানত হাৰিয়ানা আৰু ৩০টা সোণৰ পদকৰে ৩য় স্থানত আছে দিল্লী। নাগালেণ্ড, ছিকিমকে ধৰি মুঠ ৮খন ৰাজ্যই খেলো ইণ্ডিয়াত বৰ্তমানলৈকে কোনো পদক লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে অসমৰ জলপৰী হিচাপে খ্যাত হৈ পৰা শিবাংগী শৰ্মাই সাঁতোৰৰ বিভিন্ন শাখাত অসমৰ হৈ ৪টা সোণৰ পদক লাভ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

খেলো ইণ্ডিয়াঃ
Comments (0)
Add Comment