খেলো ইণ্ডিয়াত ৩৯ পদকেৰে সপ্তমলৈ অসম

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ খেলুৱৈৰ স্বর্ণিল যাত্রা অব্যাহত আছে৷

শনিবাৰে অনুষ্ঠিত লনবল ইভেণ্টৰ ল’ৰাৰ পিয়ার্ছ আৰু ছোৱালীৰ ফ’ৰ ইভেণ্টত অসমে সোণৰ পদক লাভ কৰে৷ সঞ্জু পাণ্ডে আৰু অভিলাষ সন্দিকৈৰে গঠিত ল’ৰাৰ দলটোৱে অসমলৈ স্বর্ণিল সাফল্য কঢ়িয়াই অনাৰ কিছু সময় পিছতে ছোৱালী দলটোৱেও লনবলত শ্রেষ্ঠত্ব অর্জন কৰে৷

স্বর্ণজয়ী ছোৱালীৰ দলটো হ’ল– সুৰঞ্জনা বৰুৱা, সুমন কুমাৰী পাণ্ডে, জিনু গগৈ আৰু কৰীণা পাটোৱাৰী৷ উল্লেখ্য যে ল’ৰা আৰু ছোৱালী দলটোৰ হৈ পদক জয় কৰা সঞ্জু পাণ্ডে আৰু সুমন কুমাৰী পাণ্ডে হ’ল একেটা পৰিয়ালৰে দুই সন্তান৷ তেওঁলোকৰ পিতৃ হ’ল অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল৷

ইফালে, লনবলৰ ছোৱালীৰ ছিংগলছত অনিন্দিতা কাকতিয়ে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ ল’ৰাৰ ত্রিপলছ ইভেণ্টত অসমে ব্রঞ্জ জয় কৰে৷ এই দলটোৰ খেলুৱৈসকল হ’ল– সুৰজিৎ বুঢ়াগোহাঁই, শিৱ মহন্ত আৰু ৰক্তিম কাশ্যপ কলিতা৷ আনহাতে, ভাৰোত্তোলন ইভেণ্টতো অসমে সফলতাৰ ধাৰা অব্যাহত ৰাখিছে৷ ভাৰোত্তোলনৰ জুনিয়ৰ শাখাৰ ৫৯ কেজিত অসমৰ প্রতিভাৱান ভাৰোত্তোলক দীতিমণি সোণোৱালে ৰূপৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ সামগ্রিকভাৱে ১৬৩ কেজি উত্তোলন কৰি দীতিমণিয়ে খেলো ইণ্ডিয়া য়ুথ গেমছত ৰূপৰ পদকৰ অধিকাৰী হয়৷ অসমে মুঠ ৩৯টা পদকেৰে আজি তালিকাৰ সপ্তম স্থানলৈ উন্নীত হৈছে৷

Featured
Comments (0)
Add Comment