গণতান্ত্ৰীক আৰু শান্তিপূৰ্ণ আন্দোলনক বিজেপিয়ে কেতিয়াও বিৰুদ্ধাচৰণ নকৰে

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ “অসমৰ আকাশত যেতিয়াই সূৰ্যৰ পোহৰ আহে, যেতিয়াই অসমে উন্নয়নৰ পথলৈ আগবাঢ়ে, তেতিয়াই অসমৰ আকাশত কেতিয়াবা ক’লা ধোৱা আৰু কেতিয়াবা মেঘৰ আন্ধাৰো আহে । কিন্তু মেঘৰ অন্ধকাৰ সাময়িক, সূৰ্যৰ পোহৰ সদায় স্থায়ী । সেই সূৰ্যৰ পোহৰৰে আমি অসমখনক আগোৱাই লৈ যোৱাৰ বাবে কাম কৰি গৈ থাকিম ।”- বৰপেটা ৰোডৰ মৌন সমদলত উপস্থিত হৈ এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।

এই সভাতে অসম আন্দোলনৰ কথা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্তক তীব্ৰ কটাক্ষ কৰে ডঃ শৰ্মাই ।

লগতে অসমত চলি থকা ‘কা’ৰ বিৰোধী আন্দোলন প্ৰসংগত মন্তব্য প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে- অসমত ‘কা’ৰ বিৰুদ্ধে এক গণতান্ত্ৰীক আন্দোলন গঢ়ি উঠিছে । গণতান্ত্ৰীক আন্দোলনক ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও বিৰুদ্ধাচৰণ নকৰে । বৰঞ্চ সন্মানহে কৰে ।

লগতে এই সভাতে দৃঢ়তাৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে-  “চাৰিওফালে প্ৰত্যাহ্বান আহিব, চাৰিওফালৰ পৰা কংগ্ৰেছ দলৰ ষড়যন্ত্ৰও হ’ব কিন্তু সৰ্বানন্দ সোণোৱাল, হিমন্তবিশ্ব শৰ্মাৰ দেহত এক বিন্দু তেজ থকালৈকে আমি ৰাষ্টাৰ পৰা আঁতৰি নাযাও । অসমক ভাৰতৰ পাঁচখন শক্তিশালী ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে নিৰ্মাণ কৰিমেই ।”

ইপিনে প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি তেওঁ লগতে কয়- “আপোনালোকে আন্দোলন কৰিছে, আপোনালোকৰ মনত আৱেগ আছে, আপোনালোকৰ মনত হয়তো প্ৰশ্নও আছে, ভাৰতীয় জনতা পাৰ্টিয়ে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত । ৰাজনৈতিকভাৱে, আলাপ-আলোচনাৰ মাজেৰে আপোনালোকৰ খং, আপোনালোকৰ আবেগক শ্ৰদ্ধা জনোৱা আমাৰ দায়িত্ব আৰু কৰ্তব্য । এই মঞ্চৰ পৰায়ে আমি অসমক ভাল পাই ৰাজপথলৈ ওলাই অহা প্ৰতিজন আন্দোলনকাৰীক নমস্কাৰ জনাইছো । তেওঁলোকৰ লগত আমি আলাপ-আলোচনাৰে সমস্যাৰ সমাধান কৰিম ।”

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment