গণৰাজ্য দিৱসৰ প্রতীকপটঃ এইবাৰ অসমৰ আকৰ্ষণ কৰি হ’ব ?

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ অন্যান্য বছৰৰ দৰে এইবাৰো আগন্তুক গণৰাজ্য দিৱসত দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজিত হ’বলগীয়া কেন্দ্রীয় অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমেও প্রতীকপট প্রদর্শনত অংশগ্রহণ কৰিব ৷

গণৰাজ্য দিৱসৰ এক অন্যতম কার্যসূচী হৈছে বিভিন্ন ৰাজ্যৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি প্রদর্শন ৷ আগন্তুক গণৰাজ্য দিৱসৰ প্রতীকপট প্রদর্শনত ৰাজ্যখনৰ পৰা প্রদর্শিত হ’বলগীয়া প্রতীকপটত আপুৰুগীয়া বাঁহ আৰু বেত শিল্প, হস্ততাঁত আৰু বস্ত্রশিল্প, ভোৰতাল নৃত্য আদিয়ে প্রাধান্য পাব ৷

অসমীয়া শিপিনীয়ে তাঁতশালত যি সপোন ৰচে, সেই সপোনক তুলি ধৰাৰ লগতে অসমীয়া জনজীৱনত বাঁহ, বেতেৰে নির্মিত বিভিন্ন সা–সঁজুলিৰো আর্হি প্রদর্শন কৰা হ’ব ৷ ইয়াৰ উপৰি গণৰাজ্য দিৱসৰ অনুষ্ঠানত অসমীয়া শিল্পীসকলে খোল–তাল সমন্বিতে প্রখ্যাত সত্রীয়া শিল্পী নৰহৰি বুঢ়া ভকতৰ অনুপম সৃষ্টি ভোৰতাল নৃত্য প্রদর্শন কৰিবলৈ প্রস্তুতি চলাইছে ৷

Featuredrepublic dayগণৰাজ্য দিৱস
Comments (0)
Add Comment