গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গুৱাহাটীত উপস্থিত হয়হি ।

বিত্তমন্ত্ৰীগৰাকীয়ে আজি ব্যৱসায়ী আৰু উদ্যোগপতি সকলৰ লগত আলোচনা আৰু মত বিনিময় কৰিব ।

খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত বিত্তমন্ত্ৰীগৰাকীয়ে এই আলোচনাত মত বিনিময় কৰিব ।

ইপিনে পুৱাই বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক আদৰণি জনাই ।

Featured
Comments (0)
Add Comment