গুৱাহাটীত বন্ধ গুটখা-পাণমচলাৰ বিক্ৰী

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশক আদৰণি পাণদোকান-ব্যৱসায়ী সন্থাৰ

গুৱাহাটী ১৯ নৱেম্বৰঃ নৱপ্ৰজন্মৰ ভৱিষ্যৎ অন্ধকাৰলৈ ঠেলি দিয়াৰ লগতে জনস্বাথ্যলৈ ভাবুকি কঢ়িয়াই অনা গুটখা, পাণমচলা আৰু জৰ্দাকে ধৰি অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ অবাধ প্ৰচলনৰ সময়তে বৃহত্তৰ গুৱাহাটী পাণদোকানী ব্যৱসায়ী সন্থাই এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা গুৱাহাটীৰ বজাৰত গুটখা, পাণমচলা আৰু জৰ্দাৰ বিক্ৰী চিৰদিনৰ বাবে বন্ধ ঘোষণা কৰিছে সন্থাৰ বিষয়ববীয়াসকলে। কেন্দ্ৰীয় স্বাথ্য মন্ত্ৰালয়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নৱপ্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উপৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এইসমূহ ধঁপাতজাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিছে ব্যৱসায়ী সন্থাই। গুটখা-পাণমচলাৰ লগতে জৰ্দাৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰাৰ পিচত যদি বিক্ৰী কৰে সেইসকলৰ বিৰুদ্ধে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সন্থাৰ বিষয়ববীয়াসকলে এক বিবৃত্তিৰ জৰিয়তে জানিবলৈ দিছে। অৱশ্যে এতিয়ালৈ ব্যৱসায়ী সন্থাই এই সন্দৰ্ভত দিন-বাৰ ঘোষণা কৰা নাই। এক বিবৃতিত সন্থাৰ সভাপতি বেৰাজ খান, সম্পাদক বলোৰাম সৰকাৰে কয় যে ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগত গুটখা জাতীয় উতপাদন, বিপণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ক্ষেত্ৰত উল্লেখিত ৰাজ্যসমূহ কিছু পৰিমাণে সফল হোৱা দেখা গৈছে যদিও অসমত এই সন্দৰ্ভত চৰকাৰ প্ৰশাসনে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। বিশেষকৈ গুটখাৰ অবাধ প্ৰচলনে নৱপ্ৰজন্মৰ উপৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে বহু পৰিয়াললৈ অমানিশা নমাই আনিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ জৰিয়তে ভিত্তিত ৰাজ্য চৰকাৰে এই গুটখা জাতীয় সামগ্ৰী নিষিদ্ধ ঘোষণা কৰিছে যদিও কাৰ্যতঃ এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তদুপৰি গুটখা জাতীয় সামগ্ৰী উৎপাদন কৰা কোম্পানীসমূহে একাংশ আমোলা-বিষয়াক মেনেজ কৰি এইসমূহ সামগ্ৰী উতপাদন কৰি অহাৰ অভিযোগ উত্থাপন কৰি বৃহত্তৰ গুৱাহাটী পাণদোকান ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা চৰকাৰ-প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সন্থাৰ উপদেষ্টা প্ৰাণতোষ ৰায়ে কয় যে যদিহে চৰকাৰ-প্ৰশাসনে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত সন্থাই জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। ইপিনে, সন্থাৰ এই পদক্ষেপৰ পৰা শলাগ লৈ সচেতন মহলে গুটখা জাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্থাৰ বিষয়ববীয়াসকলক আহ্বান জনাইছে।

assamBANNEDGUTKHAPAN MASALA