গুৱাহাটীত IED উদ্ধাৰক লৈ কি ক’লে আৰক্ষী আয়ুক্তই ?

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বুধবাৰে নিশা গুৱাহাটীৰ মাজমজিয়াৰ পল্টন বজাৰ আৰু পাণবজাৰত উদ্ধাৰ হয় দুটা আই ই ডি বোমা । আই ই ডি উদ্ধাৰৰ পাচতেই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই কয় যে, তিনিচুকীয়াত গ্রেপ্তাৰ হোৱা আলফা (স্বাঃ)ৰ এজন সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত সন্ধিয়া সদাব্যস্ত পাণবজাৰৰ মডার্ন বুক ডিপ’ আৰু পল্টনবজাৰ থানাৰ সমীপৰ পার্কিঙৰ কাষৰ পৰা আই ই ডি দুটা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ আলফা (স্বাঃ)ৰ সদস্যই কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীত দুটাকৈ আই ই ডি স্থাপন কৰা বুলি প্রাথমিক তদন্তৰ অন্তত পোহৰলৈ আহিছে ৷

দুটাকৈ স্থানত আই ই ডি স্থাপন কৰা হৈছে বুলি পূৰ্বেই গম পাইছিল আৰক্ষীয়ে । তাৰ পাচতেই সেই নিৰ্দিষ্ট স্থানত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় আই ই ডি দুটা । এই আই ই ডি উদ্ধাৰৰ পাচতেই এতিয়া মহানগৰী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিব বুলি জানিবলৈ দিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে । ইফালে, মহানগৰীৰ ভিন্ন প্ৰান্তত থকা চিচিটিভি সমূহো পুনৰ কাৰ্যক্ষম কৰা হ’ব বুলিও জানিবলৈ দিছে আয়ুক্ত গৰাকীয়ে ।

Comments (0)
Add Comment