গুৱাহাটীৰ ৰাজপথত এগৰাকী ৰাছিয়ান যুৱতীঃ হাতত কোৱাৰেণ্টাইনৰ ষ্টাম্প

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজপথত এগৰাকী ৰাছিয়ান যুৱতীক অসহায় ৰূপ দেখা পোৱাৰ পাচতেই আৰক্ষী আৰু সাংবাদিকৰ দল উপস্থিত হয় । তিনি মাহ পূৰ্বে ভাৰতলৈ অহা যুৱতীগৰাকীয়ে ভাৰতৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বাংলাদেশৰ ৰাজধানী ঢাকালৈও গৈছিল বুলি জানিব পৰা গৈছে ।

ইফালে, বৃহস্পতিবাৰে যুৱতীগৰাকী বশিষ্ঠৰ এখন হোটেলৰ পৰা অহা বুলি জানিব পৰা গৈছে । এগৰাকী বন্ধুৰ সৈতে অহা যুৱতীগৰাকীৰ বন্ধু বৰ্তমানেও পল্টনবজাৰৰ এখন হোটেলতে আছে । অৱশ্যে যুৱতীগৰাকীয়ে পল্টনবজাৰৰ সেইখন ব্যয়বহুল হোটেলত থাকিবলৈ অসমৰ্থ বুলি জনাই সাংবাদিকৰ আগত । ৰাছিয়ান ভাষাৰ বাহিৰে অন্য ভাষা কোৱাত অসুবিধাৰ সন্মুখীন হোৱা যুৱতীগৰাকীয়ে ভঙা ভঙা ইংৰাজীতে কৈছিল এইসমূহ কথা ।

উল্লেখ্য যে, হাতত কোৱাৰেণ্টাইনৰ ষ্টাম্প থকা যুৱতীগৰাকী গুৱাহাটীলৈ কেতিয়া আহিছিল সেই সম্বন্ধে বৰ্তমানেও জানিব পৰা হোৱা নাই । ইতিমধ্যে যুৱতীগৰাকী ৰৈ থকা গুৱাহাটীৰ ৰাজপথৰ সেই বিশেষ স্থানত উপস্থিত হৈছে আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মী ।

Featured
Comments (0)
Add Comment