গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলত অধ্যাপক নিযুক্তিত অনিয়ম

আৰ টি আই তথ্যত ওলাল নিযুক্তি প্ৰক্ৰিয়াৰ ব্যাপক বিসংগতি

নিয়মীয়া বাৰ্তা , ১৯ নৱেম্বৰঃ উচ্চ শিক্ষাৰ অধিক সম্প্ৰসাৰণ আৰু সকলোৰে উচ্চ শিক্ষা লাভৰ সপোন দিঠকত পৰিণত কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান বা চমুকৈ আইডলত সহকাৰী অধ্যাপক নিযুক্তিৰ নামত সংঘটিত দুৰ্নীতি-অনিয়মে শৈক্ষিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্য মতে, বিগত ডেৰ দশকত আইডলত সহকাৰী অধ্যাপকৰ ১৪ টা পদৰ নিযুক্তিৰ বিতং তথ্য বিচাৰি দৰং জিলাৰ ছিপাঝাৰৰ কমল বৰুৱা নামৰ এজন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইন-২০০৫ ৰ অধীনত যোৱা ২ ছেপ্টেম্বৰত আবেদন জনাইছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক তথ্য বিষয়াৰ দায়িত্বত থকা উপ-পঞ্জীয়কগৰাকীৰ ওচৰত জনোৱা আবেদনত কমল বৰুৱাই আইডলৰ সহকাৰী অধ্যাপকৰ ১৪ টা পদৰ নিযুক্তিৰ বিজ্ঞাপনৰ পৰা আৰম্ভ কৰি নিযুক্তি দিয়ালৈকে বিতং তথ্য বিচাৰিছিল । বিশ্ববিদ্যালয়ৰ লোক তথ্য বিষয়াই প্ৰায় দুমাহৰ অন্তত যোৱা ৬ নৱেম্বৰত আবেদনকাৰীক সহকাৰী অধ্যাপকৰ ১৪ টা পদৰ বিপৰীতে ২০০৪ চনৰ পৰা ২০১৬ চনলৈ নিযুক্তিৰ যি তালিকা প্ৰদান কৰিছে তাত নিযুক্তি প্ৰক্ৰিয়াত যে ব্যাপক বিসংগতি হৈছিল সেয়া ওলাই পৰিছে । তালিকাত ১৪ টা পদৰ বেছি ভাগতে কেতিয়াবা যদি কোনোবাটোৰ বিজ্ঞাপন বাতৰিকাকতত দিয়া হোৱা নাই , তেনেহ’লে আন কোনোবাটো পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশৰ নম্বৰ নাই বা বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদৰ অনুমোদন নাই । তদুপৰি কোনোবা প্ৰাৰ্থীৰ নিযুক্তিৰ সময়ত নেট বা শ্লেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ কোনো তথ্য উল্লেখ নাই । বিশেষকৈ কম্পিউটাৰ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, বাণিজ্য, গণ মাধ্যম আৰু সাংবাদিকতা বিষয়ৰ সহকাৰী অধ্যাপক পদৰ নিযুক্তিত ব্যাপক অনিয়মৰ তথ্য তালিকাত ওলাই পৰিছে । ইতিমধ্যে আছুৱে আইডলত সংঘটিত দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক স্মাৰক পত্ৰ প্ৰদান কৰিছে । বিশ্ববিদ্যালয়ৰ ঊৰ্ধতম কৰ্তৃপক্ষই আইডলৰ দুৰ্নীতি-অনিয়মত জড়িতসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ।

Featured