গোৱালপাৰাত মছজিদে মছজিদে গোহাৰি পত্ৰ বিতৰণেৰে অপপ্ৰচাৰ

নিয়মীয়া বাৰ্তা ২৯ নৱেম্বৰঃ ৰাম জনভূমি-বাবৰি মছজিদ গোচৰৰ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা কৰা তিনিজন ব্যক্তিক গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা তিনিওজন সদস্য হল পপুলাৰ ফ্ৰণ্টৰ গোৱালপাৰা জিলা সমিতিৰ সদস্য। এই তিনি ব্যক্তিয়ে ১৫ নৱেম্বৰত জুমাৰ নামাজৰ পাছত মছজিদে মছজিদে গোহাৰি বিতৰণ কৰি দেশৰসৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। পপুলাৰ ফ্ৰণ্টৰ গ্ৰেপ্তাৰ হোৱা সদস্যকেইজন হল গোৱালপাৰা জিলা সমিতিৰ জিন্না আমিৰ হুছেইন, আব্দুছ ছবুৰ আৰু গোৱালপাৰা চহৰ কমিটিৰ সভাপতি হবিবৰ ৰহমান। গোৱালপাৰা আৰক্ষীৰ চোৰাংচোৱা শাখাই তেওঁলোকৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে ৬৯১/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ)/২৯৫ ধাৰাত গোচাৰ ৰুজু কৰি কালি তিনিজনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকক আদালতত হাজিৰ কৰোৱাই দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় ।

পপুৱাৰ ফ্ৰণ্টৰ সদস্যসকেল বিতৰণ কৰা গোহাৰিটোত উল্লেখ কৰা হৈছিল- “মুছলমানসকলে চাৰি শতাব্দীতকৈ বেছি সময় উপাসনা কৰা ২.৭৭ একৰ ভূমি মছজিদ অৱস্থিতি থকা বাবৰি মছজিদক ন্যায়ালয়ে ৰাম মন্দিৰৰ বাবে দিছে। ২০১০ চনৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ভূমি স্বত্বাধিকাৰ বিতৰ্ক গোচৰত এই ভূমি তিনিটা পক্ষক সমানভাৱে বিতৰণ কৰি দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই কৰা আবেদনত এই ৰায় দিয়া হৈছে। এই ৰায় দেশৰ গণতান্ত্ৰিক চৰিত্ৰ আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ পৰিপন্থী। গণতান্ত্ৰিক উপায়ে এই অন্যায়ৰ তীব্ৰ বিৰোধিতা কৰাটো আমাৰ নাগৰিকৰ দায়িত্ব। আমি এটা ভয়াৱহ পৰিস্থিতিৰ মাজেৰে অতিক্ৰম কৰি আছোঁ, যিটো দেশৰ সমগ্ৰ ব্যৱস্থাক দ্ৰুতগতিত হিন্দুত্ব ফেচীবাদীৰ ওচৰত আত্মসমৰ্পণ কৰি আছে। সিহঁতে ভয় বিয়পোৱাৰ জৰিয়তে সিহঁতৰ আধিপত্য বিস্তাৰৰ প্ৰয়াস কৰাৰ সময়ত ন্যায়ৰ বাবে অধিক শক্তিশালী ভাৱে মাতিব লাগিব। নীৰৱতাই কেৱল দেশক অধিক ভয়াৱহ আৰু দমনকাৰী পুলিচশাসিত ৰাষ্ট্ৰৰ ফালে লৈ গৈ আছে। ৰায়টোৱে কেৱল ভৱিষ্যতে হিন্দুত্ববাদী ৰাজনীতিক অধিক শক্তিশালী কৰিব।”