গোৱালপাৰাৰ দহিকটা বনাঞ্চলত এসপ্তাহতে কাটিলে শতাধিক শাল–চেগুন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত অবাধ বন ধ্বংসযজ্ঞ অব্যাহত আছে৷ বিগত এসপ্তাহত দহিকটা আৰু তিনকোণীয়া অঞ্চলত চোৰাং কাঠকটীয়াই শতাধিক শাল আৰু চেগুন গছ কাটিছে ৷ এই সন্দর্ভত গোৱালপাৰা বন সংমণ্ডল প্রাধিকাৰী বিষয়া (ডি এফ অ’) জীৱনানন্দ হাজৰিকাই তদন্ত কৰি প্রতিবেদন দাখিলৰ বাবে গোৱালপাৰাৰ বনাঞ্চলিক বিষয়াক কঠোৰ নির্দেশ দিয়ে ৷ এই নির্দেশ পোৱাৰ পিছত বৃহস্পতিবাৰে বনাঞ্চলিক বিষয়া হাৰুণ আল ৰছিদে চৰজমিন তদন্ত কৰে ৷ কিন্তু দুর্নীতিত নিজেই সাঙোৰ খোৱাৰ ভয়ত তদন্তৰ নামত তেওঁ ভেঁকোভাওনা কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ সাংবাদিকৰ এটা প্রশ্নৰ উত্তৰত বনাঞ্চলিক বিষয়াগৰাকীয়ে মাত্র ১০–১৫ ডাল গছহে কটা বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে বিভাগীয় নিয়ম মতে দুষৃকতিকাৰীয়ে বনাঞ্চলৰ গছ কাটিলে গছৰ মূঢ়াসমূহ ‘ছীল’ কৰি খণ্ড বন বিষয়াই লগে লগে প্রতিবেদন দাখিল কৰিব লাগে ৷ কিন্তু এইক্ষেত্রত দায়িত্বৰত ডুবাপাৰা বন খণ্ডৰ বিষয়াই সময়মতে গছৰ মূঢ়াসমূহ ছীল কৰি প্রতিবেদন দাখিল নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অৱশ্যে প্রয়োজনীয় বনকর্মী নথকা বাবেই অসাধু চক্রই মাজে–সময়ে গছ কাটিবলৈ সুযোগ পোৱা বুলি বিভাগীয় কর্তৃপক্ষই দাবী কৰিছে ৷ ইপিনে কালি সন্ধিয়া মহাদেৱঘাটৰ পৰা প্রায় ২৫ হাজাৰ টকা মূল্যৰ মাকৰী দুই টুকুৰা, কুম দুই টুকুৰা আৰু কঢ়ৈ এটুকুৰা মুঠ পাঁচ টুকুৰা গছৰ কুণ্ডা জব্দ কৰা হয় ৷

Featured
Comments (0)
Add Comment