গ্রন্থৰ সুবাস বিলাই সামৰণি পৰিল নগাঁও গ্রন্থমেলাৰ

‘প্রেৰণা আৰু সৃষ্টি’ : লেখক সমাৱেশ

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ গ্রন্থৰ সুবাস বিলাই আজি সামৰণি পৰিল নগাঁও গ্রন্থমেলা– ২০১৯ ৷ নগাঁও চহৰৰ কলংপাৰৰ নেহৰুবালিত অনুষ্ঠিত হৈ থকা গ্রন্থমেলাৰ বুধবাৰে অন্তিম দিনটোৰ কার্যসূচী অনুসৰি বিয়লি অনুষ্ঠিত হয় ‘প্রেৰণা আৰু সৃষ্টি’ শীর্ষক লেখক সমাৱেশ ৷ বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে আঁত ধৰা অনুষ্ঠানত অংশগ্রহণ কৰি লেখক–সাংবাদিক জিতুমণি বৰাই কয় যে তেওঁৰ সাহিত্যৰ যাত্রা সাংবাদিকতাৰ মাজেৰে আৰম্ভ হৈছে ৷ কাকতত চৰকাৰৰ দুষ্কার্য উদঙাই দিয়া বাবে তেওঁ জে’ললৈ যাবলগীয়া হোৱা বুলিও ভাষণত কয় ৷ যুৱ লেখিকা শর্মিষ্ঠা প্রীতমে অনুষ্ঠানত অংশগ্রহণ কৰি কয়– ‘আমি কিতাপ পঢ়ি ভাল পোৱা মানুহ৷ ই আমাৰ পিয়াহ গুচোৱা পাত্র ৷ কিতাপ পঢ়া, লিখাৰ সুযোগ নাপালে আৰু লিখিব নোৱাৰা হ’লে মই আপোনালোকৰ ওচৰলৈ আহিবলৈ সুযোগ নাপালোঁহেঁতেন ৷’ তেওঁ আৰু কয়– ‘মোৰ জীৱনটোত যিবোৰ যন্ত্রণাৰ মুখামুখি হৈছেছা তাৰ পৰা ওভতি আহিবলৈ কিতাপে মোক সহায় কৰিছে ৷’ অনুষ্ঠানত আৰাধনা বৰা, মিনাৰা বেগম, জোনাক কৃষ্ণ শাণ্ডিল্য উপস্থিত থাকে ৷

Comments (0)
Add Comment